কাৰাগাৰৰ বন্দী এজন আৰু মুক্ত আকাশৰ তলত বিচৰণকাৰী সাধাৰণ মানুহ এজনৰ জীৱনক সূক্ষ্ম দৃষ্টিৰে বিচাৰ কৰি চালে ক’ৰবাত দুয়োটা জীৱনৰ মাজৰ পাৰ্থক্যৰ সীমাৰেখাডাল লীন হৈ যোৱা যেন লাগে নেকি? কাৰাগাৰৰ বাহিৰত থকাজনো আচলতে কিমান মুক্ত! সমাজ আৰু নিজৰ স্বভাৱৰে সংকীৰ্ণতাই তেওঁক কিমান অদৃশ্য বান্ধোনেৰে বান্ধি ৰাখিছে, তাৰ বিষয়ে তেওঁ হয়তো নিজেই চেতন নহয়। এখন স্বয়ংসৃষ্ট বা সমাজসৃষ্ট অদৃশ্য কাৰাগাৰৰেই তেৱোঁ এজন আজন্ম বাসিন্দা নেকি?
