– সৰলানন্দ প্ৰকাশ
বন্দীত্ব আৰু স্বাধীনতা
“Man is born free, and everywhere he is in chains.” – Jean-Jacques Rousseau.
স্বাধীনতাৰ প্ৰতি মানুহৰ আজন্ম হাবিয়াস। নিজৰ জীৱনটোক সম্পূৰ্ণ স্বাধীনভাৱে পৰিচালনা কৰিব পৰাতো আমাৰ জন্মগত অধিকাৰ বুলিয়েই গণ্য কৰোঁ। ইতিহাসৰ পাত লুটিয়াই চালেও আমি দেখা পাওঁ – ৰাজনৈতিক, সামাজিক, পৰিয়ালকেন্দ্ৰিক সকলো সংগ্ৰামৰে অন্তৰালত মানুহৰ স্বাধীনতাৰ পিপাসাই সোমাই আছে। নিষ্পেষিত ফৰাচী জনতাই ৰজাৰ বিৰুদ্ধে কৰা বিপ্লৱত, অথবা বৰ্ণ, জাতি, লিংগ আৰু অৰ্থনৈতিক বৈষম্যৰ বিপৰীতে মানুহে সময়ে সময়ে কৰি অহা প্ৰতিবাদ আৰু সংগ্ৰামৰ মাজত শোষিতজনৰ স্বাধীনতাৰ আৰ্তিয়েই বিদ্যমান। ইয়াৰ বিপৰীতে শক্তি আৰু ভীতিৰ মাধ্যমেৰে নিজৰ ক্ষুদ্ৰ স্বাৰ্থসিদ্ধিৰ কাৰণে আনৰ স্বাধীনতা খৰ্ব কৰাৰ প্ৰৱণতাও মানুহজাতিৰ মাজত পৰিলক্ষিত হয়। এফালে এই দুষ্ট প্ৰৱণতা, আনহাতে মানুহৰ স্বাধীনতাৰ প্ৰতি অপৰিসীম আকাংক্ষাৰ মাজত সংঘাত সেয়ে হৈ পৰে অৱধাৰিত।
নিঃসন্দেহে কোনো মানুহেই বন্দীত্ব নিবিচাৰে। এটা আৱদ্ধ পৰিৱেশত আনৰ নিয়ন্ত্ৰণাধীন হৈ জীৱন যাপন কৰিবলগীয়া হোৱা অৱস্থা এটা কোনেও কামনা নকৰে।
বন্দীত্ব বুলি ক’লেই সাধাৰণতে আমাৰ চকুৰ আগত ভাঁহি উঠে কাৰাগাৰ এখনৰ সুউচ্চ অভেদ্য দেৱাল; তাৰ ভিতৰৰ অন্ধকাৰ, অপৰিষ্কাৰ ক্ষুদ্ৰ কুঠৰীবোৰ, আৰু তাতে ইফালে সিফালে অহাযোৱা কৰি থকা দাগী অপৰাধীবোৰ। অপৰাধী হওক বা নহওক, এজন ব্যক্তিক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ অৰ্থ তেওঁৰ স্বাধীনতা হৰণ কৰি তেওঁক শাস্তি প্ৰদান কৰা। কাৰাগাৰ মানেই যেন স্বাধীনতাৰ মৃত্যু। কিন্তু কাৰাগাৰৰ সুউচ্চ দেৱাল আৰু কঠোৰ শাসন-অনুশাসনৰ মাজতেই আচলতে ব্যক্তিৰ স্বাধীনতা বিলুপ্ত হয়নে? কাৰাগাৰৰ বাহিৰত সগৰ্বে মূৰ ডাঙি ঘূৰি ফুৰা শক্তিমান বন্দীকৰ্তাজনো আচলতে কিমান স্বাধীন?
কাৰাগাৰৰ বন্দী এজন আৰু মুক্ত আকাশৰ তলত বিচৰণকাৰী সাধাৰণ মানুহ এজনৰ জীৱনক সূক্ষ্ম দৃষ্টিৰে বিচাৰ কৰি চালে ক’ৰবাত দুয়োটা জীৱনৰ মাজৰ পাৰ্থক্যৰ সীমাৰেখাডাল লীন হৈ যোৱা যেন লাগে নেকি? কাৰাগাৰৰ বাহিৰত থকাজনো আচলতে কিমান মুক্ত! সমাজ আৰু নিজৰ স্বভাৱৰে সংকীৰ্ণতাই তেওঁক কিমান অদৃশ্য বান্ধোনেৰে বান্ধি ৰাখিছে, তাৰ বিষয়ে তেওঁ হয়তো নিজেই চেতন নহয়। এখন স্বয়ংসৃষ্ট বা সমাজসৃষ্ট অদৃশ্য কাৰাগাৰৰেই তেৱোঁ এজন আজন্ম বাসিন্দা নেকি? অন্যহাতে কাৰাগাৰত বন্দী হৈয়ো হয়তো কোনোবাজনে স্বাধীনতাৰ মৰ্ম গভীৰতৰ ৰূপত অনুধাৱন কৰিব পাৰে। কেতিয়াবা হয়তো কাৰাগাৰৰ দেৱালৰ ভিতৰৰ কায়িক বন্দীত্বইহে কোনোবাজনক স্বাধীনতাৰ প্ৰকৃত সত্যৰ অন্বেষণত সহায় কৰে।
এখন চলচিত্ৰত স্বাধীনতাৰ অন্বেষণ
আমাৰ সমাজ আৰু জীৱনত স্বাধীনতা আৰু বন্দীত্বৰ ধূসৰ সীমাৰেখাডালৰ সমন্ধে কিছু মৰ্মস্পৰ্শী উত্থাপন হৈছিল যোৱা শতিকাৰ শেষৰ হলিউডৰ এখন কালজয়ী চলচ্চিত্ৰত। অদ্যপি IMDB (International Movie Database) ৰ সৰ্বোচ্চ ৰেটিঙপ্ৰাপ্ত Tim Robbins আৰু Morgan Freeman অভিনীত চলচিত্ৰখন হৈছে – “দ্যা শ্বছাংক ৰিদেম্পছন (The Shwashank Redemption)”। কাৰাগাৰৰ জীৱনক লৈ বহু ছবিয়েই নিৰ্মাণ কৰা হৈছে যদিও ১৯৯৪ চনত মুক্তিপ্ৰাপ্ত শ্বছাংক ৰিদেম্পছন পৰৱৰ্তীকালত দৰ্শকৰ বাবে ক্লাছিক হিচাপে পৰিগণিত হৈছে।
বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ অন্তৰ জয় কৰি এখন সৰ্বোৎকৃষ্ট কথাছবি হিচাপে পৰিগণিত হোৱা ছবিখনৰ কাহিনীভাগ হয়তো পাঠকৰ অজ্ঞাত নহয়। আইনৰ মেৰপাকত পত্নী আৰু তেওঁৰ পৰকীয়া প্ৰেমিকৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈ বেংকাৰ Andy Dufrense এ নিৰ্দোষী হোৱা স্বত্বেও যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ শ্বছাংকৰ কাৰাগাৰৰ বাসিন্দা হ’বলগীয়া হৈছে। কাৰাগাৰৰ তিক্ততাপূৰ্ণ জীৱনৰ মাজতো কিন্তু নিৰৱে, সংগোপনে তেওঁ নিজৰ মুক্তিৰ পথৰ সন্ধান কৰিবলৈ বদ্ধপৰিকৰ। শেষত আমি দেখা পাওঁ – কাৰাগাৰ কৰ্তৃপক্ষৰ চকুত ধূলি মাৰি সুদীৰ্ঘ দিন, মাহ, বছৰ ধৰি, নিৰৱচ্ছিন্নভাৱে কাৰাগাৰৰ কক্ষৰ পৰা গোপনে সুৰংগ খান্দি খান্দি সেই সুৰংগেৰে তেওঁ পলায়ন কৰিছে।
IMDB ৰ ৱেবছাইটতে এজন আলোচকে মন্তব্য কৰিছে যে চলচিত্ৰখনৰ যিটো দিশে ইয়াক মহত্বতম পৰ্যায়লৈ উন্নীত কৰিছে সেইটো হৈছে মানুহৰ অদমনীয় আশাৰ প্ৰতিফলন। চৰম নিৰাশা আৰু দুৰ্দশাৰ মাজতো কেনেকৈ অন্তৰত আশাৰ বীজ মানুহে কঢ়িয়াই ফুৰিব পাৰে তাৰে এক নিদৰ্শন Tim Robbins অভিনীত Andy Dufrense চৰিত্ৰটো। লগতে Andy-ৰ চৰিত্ৰটোক মানুহৰ মুক্তিপিয়াসী সত্বাৰ অনন্য এক প্ৰতিভূ বুলিও গণ্য কৰিব পাৰি – যি সমাজ, আইন, নিন্দা, অপবাদ, দুৰ্যোগ-দুৰ্ভাগ্য আদিয়ে সৃষ্টি কৰা ঋণাত্মকতাৰ কাৰাগাৰৰ বন্দীত্বক নেওচি নিজৰ স্বাধীনতাৰ সন্ধান কৰিবলৈ সক্ষম।
আনুষংগিকভাৱে শ্বছাংক কাৰাগাৰৰ ভিতৰত সংঘটিত বিভিন্ন ঘটনাৱলীৰ চিত্ৰায়নে কাৰাগাৰৰ জীৱনৰ এনে বহু দিশ পোহৰলৈ আনিছে, যিবোৰে আমাক জীৱন আৰু বন্দীত্ব সমন্ধে এক নতুন দৃষ্টিভংগীৰে ভাৱিবলৈ বাধ্য কৰায়। উদাহৰণস্বৰূপে এটা দৃশ্যৰ কথা উনুকিয়াব পাৰি। এজন বন্দীৰ বন্দীত্বৰ ম্যাদ শেষ হৈ আহিছে। তেওঁৰ মুক্তিৰ দিন সমাগত। কিন্তু প্ৰায় ওৰেতো জীৱন কাৰাগাৰৰ বাসিন্দা হৈ থকা ব্যক্তিজনৰ বাবে কাৰাগাৰৰ বাহিৰত কোনো জীৱন নাই। তেওঁ কাৰাগাৰৰ বাহিৰৰ জীৱন এটা কল্পনাই কৰিব নোৱাৰে।সেয়ে এদিন তেওঁ এখন চামুচেৰে এজন সহকাৰাবাসীক আক্ৰমণ কৰাৰ প্ৰয়াস কৰিছে, যাতে অন্য এটা গোচৰৰ আচামী হৈ তেওঁ আৰু কিছুদিন কাৰাগাৰৰ বাসিন্দা হ’ব পাৰে!
আমি বেছিভাগ মানুহেই আচলতে এই বন্দীজনৰ দৰেই এটা নিৰ্দিষ্ট গণ্ডীৰ মাজত বাস কৰি সেই নিৰ্দিষ্ট সীমাৰ ভিতৰৰ জীৱনতে অভ্যস্ত হৈ স্ববন্দীত্বকে বাছি লওঁ নেকি? ভুলকেই ভাল বুলি ভাবি বন্দীত্বকে জীৱনৰ একমাত্ৰ অৱকাশ বুলি ভাবিবলৈ আৰম্ভ কৰোঁ নেকি? ঘোপমৰা অন্ধকাৰ কাৰাগাৰৰ জীৱনৰ বাহিৰে আমাৰ যে আৰু অন্য সুবিকল্প থাকিবও পাৰে, সেই কথা বিচাৰ কৰাৰ সামৰ্থ্য আমি লাহে লাহে হেৰুৱাই পেলাওঁ। সমাজৰ নীতি আৰু পৰম্পৰাৰ দোহাই দি আমি আমাৰ বাবে এখন অদৃশ্য বন্দীশাল নিৰ্মাণ কৰোঁ, তাৰপাছত আমাৰ জ্ঞান, চিন্তা, বুদ্ধিৰ সীমিত পৰিসৰেৰে সেই বন্দীশালত ক্ষুদ্ৰ ক্ষুদ্ৰ কুঠৰী সাজি তাতেই সোমাই থাকি জীৱনৰ যৱনিকা পেলাওঁ।
Andy Dufrense ৰ চাৰিত্ৰিক বৈশিষ্ট্য ইয়াৰ সম্পূৰ্ণ বিপৰীত। প্ৰবল আত্মবিশ্বাসেৰে, পৰিকল্পিতভাৱে পুতিগন্ধময় জগত এখনৰ পৰা আঁতৰি গৈ এখন স্বাধীন পৃথিৱীৰ বাসিন্দা হোৱাৰ তেওঁৰ সামৰ্থ্য আছে। মুক্তি তেওঁৰ অভীষ্ট, জীৱনৰ পৰম প্ৰাপ্তি; যাৰ পৰা তেওঁক কোনো বিপৰ্যয়ে বঞ্চিত কৰিব নোৱাৰে।
মানুহ হিচাপে সকলোৰে অন্তৰত স্বাধীনতাৰ প্ৰতি সুপ্ত স্পৃহা এটি সদায়েই বাস কৰি থাকে। কিন্তু Andy Dufrense ৰ দৰে সেই স্পৃহাক জগাই তুলি মুক্তিকামী হ’ব পৰাটোৱেই জীৱনৰ মহত্ব।