লোকেলৰ পৰা গ্ল’বেললৈ ৰীমা দাসৰ চলচ্চিত্ৰৰ যাত্ৰা

– সৰলানন্দ প্ৰকাশ

অসমৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰনিৰ্ম্মাতা ৰীমা দাসৰ কথাছবিৰ বিষয়ে দৰ্শকক নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। প্ৰতিভা, সাধনা, আৰু গভীৰ আত্মবিশ্বাসৰ জৰিয়তে তেওঁ যিদৰে নিজক প্ৰতিষ্ঠা কৰিছে, সেয়া চিৰদিন বহুতৰ বাবে অনুপ্ৰেৰণামূলক দৃষ্টান্ত হৈ ৰ’ব। আক্ষৰিক অৰ্থতেই একক প্ৰচেষ্টাৰে তেওঁ নিজৰ জন্মস্থানৰ জীৱনযাত্ৰাৰ কাহিনীক চলচ্চিত্ৰৰ ৰূপ দি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। কোনো ধৰণৰ বৃহৎ প্ৰযোজনা সংস্থা বা প্ৰযোজকৰ সৌজন্য নোলোৱাকৈয়েই মাত্ৰ এটি কেমেৰাৰে পেছাগতভাৱে চলচ্চিত্ৰ, অভিনয়ৰ লগত জড়িত নোহোৱা স্থানীয় কিশোৰ-কিশোৰী আৰু ব্যক্তিসকলকে কলা-কুশলী আৰু অভিনেতা হিচাপে লৈ আঞ্চলিক পৰিৱেশৰ একোটা কাহিনীক চলচ্চিত্ৰৰ ৰূপ দি বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ অন্তৰ যিদৰে তেওঁ স্পৰ্শ কৰিছে, সেইয়া অভূতপূৰ্ব সাফল্যৰ গাঁথা হিচাপেই চিৰস্মৰণীয় হৈ ৰ’ব।

এইখিনিতে তেওঁৰ দুখন কথাছবিৰ কাহিনীৰ ৰূপৰেখা পুনৰ এবাৰ সোঁৱৰি চালে তেওঁৰ কথাছবিয়ে কেনেকৈ বিশ্বজনীন ৰূপ পৰিগ্ৰহ কৰিবলৈ সক্ষম হৈছে, তাক অনুধাৱন কৰিবলৈ সহজ হ’ব।

১) নৈপৰীয়া এখন গাঁৱৰ কথা। দাৰিদ্ৰ আৰু গাঁৱলীয়া পৰিবেশৰ মাজত এজনী সাধাৰণ কিশোৰীৰ বুকুত এটি আচহুৱা সপোনে বাহ বান্ধিছে – এখন গীটাৰৰ গৰাকী হোৱাৰ, এগৰাকী ৰকষ্টাৰ হোৱাৰ সপোন। আওহতীয়া ঠাইত, সমাজৰ আওপুৰণি ৰীতি-নীতি, দৰিদ্ৰতা আৰু ভাগ্যৰ পাকচক্ৰেৰে সহবাস কৰা তৃতীয় বিশ্বৰ এজনী কিশোৰীৰ এইয়া এক অদ্ভূত আকাংক্ষা; পৰিৱেশ আৰু তাইৰ জীৱনৰ লগত মুঠেই খাপ নোখোৱা। কিন্তু সপোনবোৰতো এনেকুৱাই! পাৰিপাৰ্শ্বিক, সময়, পৰিস্থিতিয়ে সপোনৰ পৰিধি নাবান্ধে। বিপৰীত পৰিস্থিতিয়ে যিমানেই বাধাৰ তৰপেৰে ঢাকে, সিমানেই সপোনৰ বীজবোৰে  উম পাই অন্তৰত গোপনে গজালি মেলে। 

স্থান-কালৰ সীমা নেওচি আমি য’ৰেই বাসিন্দা নহওঁ কিয়, ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ’ৰ কিশোৰীজনীৰ অন্তৰত একলা-দুকলাকৈ বাঢ়ি অহা সপোনটোৰ সৈতে আমিও লাহে লাহে একাত্ম হৈ পৰোঁ। সেই সপোনৰ ভাষাই আমাৰ অন্তৰাত্মা স্পৰ্শ কৰি যায়, কাৰণ চেতন-অৱচেতন মনত লুকাই থকা আমাৰো উদ্দাম, দুৰন্ত পাখি মেলা সপোনবোৰৰো একেই ৰূপ, একেই পৰিক্ৰমা।

২) ক’ভিডৰ সময়ত অসমৰ এখন মফচলীয় চহৰ। গোটেই পৃথিৱীৰ লগতে ইয়াতো পৰিছেহি লকডাউনৰ বিৰূপ প্ৰভাৱ। তাৰ মাজতেই পত্নী আৰু দুটি সন্তানৰ সৈতে চলি থাকে জানৰ সংসাৰৰ ৰথ। কিছু মৰম, বহু দায়িত্ব, বহু উদাৰতা, কিছু ভুল, কিছু অপৰাধবোধ, কিছু অপূৰণ সপোনেৰে গঠন হয় জানৰ নিজস্ব পৃথিৱীখন।

সকলো ব্যক্তিৰে এখন নিজৰ পৃথিৱী থাকে। কথাছবিৰ ফ্ৰেমৰ খিৰিকীয়েদি জানৰ পৃথিৱীত আমি তেওঁক দেখা পাওঁ – তৰাৰ হাজবেণ্ড হিচাপে, এজন পিতৃ হিচাপে, এজন পুত্ৰ হিচাপে, কেতিয়াবা এজন দয়াশীল ব্যৱসায়ী হিচাপে, আৰু কেতিয়াবা এজন সমাজহিতৈষী ব্যক্তি হিচাপে। ক’ভিডৰ সংশয় আৰু অনিশ্চয়তাই জানৰ পৃথিৱীলৈ কঢ়িয়াই আনিছে যথেষ্ট প্ৰত্যাহ্বান। বহুত সমস্যা, বহুত প্ৰত্যাহ্বান।


কিছুমান প্ৰত্যাহ্বান হয়তো আগৰে পৰাই আছিল: বন্ধুৰ সৈতে লগ হৈ গধুলি অলপ ৰঙীন পানীয় সেৱন কৰাৰ এৰিব নোৱাৰা অভ্যাসটো; মাতৃ আৰু পত্নীৰ ভুল বুজাবুজিৰ মাজত অসহায় হৈ পুত্ৰ হিচাপে পালন কৰিব লগা দায়িত্ব পালন কৰিব নোৱাৰাৰ অপৰাধবোধ; দুটাকৈ শিশুৰ আব্দাৰভৰা সংসাৰৰ নৈমিত্তিক দৌৰাদৌৰিবোৰ; এৰাব নোৱাৰা ব্যৱসায়ৰ সমস্যাবোৰ। ইফালে লকডাউনৰ ফলত ক্ৰমাৎ শোচনীয় হৈ অহা বেকাৰীদোকানৰ ব্যৱসায়, আৰু ইয়াৰ আনুষংগিক বাৰকুৰি আহুকালেৰে জানৰ জীৱন ভাৰাক্ৰান্ত হৈ উঠিছে। ইয়াৰ লগতে ক’ভিডে কঢ়িয়াই অনা শংকা আৰু অনিশ্চয়তাই জীৱনটোকে এক দুদোল্যমান পৰিস্থিতিলৈ ঠেলি দিছে।


জীৱন-যাত্ৰাৰ এই খলাবমাবোৰ অতিক্ৰম কৰি যাওঁতে মলিন হৈ পৰা সম্পৰ্কবোৰ ক’ভিডসৃষ্ট দৈনন্দিন জীৱনৰ স্তব্ধতাই হয়তো আকৌ পুনৰুজ্জীৱিত কৰি তুলিবলৈ সুযোগ দিছিল। আমি দেখা পাওঁ – ক’ভিড-আক্ৰান্ত পত্নীৰ পৰা সাময়িক দূৰত্বই প্ৰাত্যহিকতাৰ মাজত মদৰুৱা হৈ পৰা জানৰ সাংসাৰিক জীৱনটোক নতুন এটা আৰম্ভণি দিছে। সমস্যা, প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি যোৱা জানৰ পৃথিৱীখন আমাৰ অচিনাকি নহয়। হয়তো কোনোবা এটা বিশেষ বিন্দুত আপোনাৰ বা মোৰ পৃথিৱীয়েও তেওঁৰ পৃথিৱীৰ সৈতে একে ৰূপ ধাৰণ কৰে!

ৰীমা দাসৰ কথাছবিৰ সাৰ্বজনীন আবেদন আৰু আন্তৰ্জাতিক প্ৰেক্ষাপটত সফলতাৰ কাৰণ হিচাপে প্ৰধানকৈ দুটা বিষয় উনুকিয়াব পাৰি: ১) কাহিনীৰ মূলভাৱ য’ত মানৱীয় অনুভূতিৰ গভীৰতাৰ সৰল, কিন্তু সূক্ষ্ম প্ৰকাশ ঘটে; আৰু ২) কাহিনী উপস্থাপনৰ সৰলতা।


তেওঁৰ চলচ্চিত্ৰৰ কাহিনীত মানৱজীৱনৰ অনুভূতিৰে সিক্ত ছবি সাধাৰণ জীৱনৰ পৰাই তুলি ধৰা হয়, যাৰ লগত চলচ্চিত্ৰৰসিকে সহজে একাত্ম হ’ব পাৰে। কাহিনীত অনাৱশ্যক বাগাড়ম্বৰ নাই; কিন্তু জীৱনৰ প্ৰবাহমান ছবিক সৰল আৰু সুসংহত ৰূপত তুলি ধৰি দৰ্শকৰ হৃদয়ত অনুভূতিৰ অনুৰণন তোলাৰ প্ৰয়াস থাকে।


ৰীমা দাসৰ কাহিনী-কথনৰ শৈলীৰ বিষয়েও মুক্তিপ্ৰাপ্ত ছবিসমূহৰ জৰিয়তে দৰ্শকসকল ইতিমধ্যেই অৱগত হৈ উঠিছে। অকল উপযুক্ত কাহিনী নিৰ্বাচনৰ বাবেই নহয়, চলচ্চিত্ৰত কাহিনী উপস্থাপনৰ কৌশলসমূহৰ সুপ্ৰয়োগৰ বাবেও ৰীমা দাসৰ ছবিসমূহ ৰসোত্তীৰ্ণ হৈ পৰে। সৰলৰৈখিক গতিত চৰিত্ৰসমূহৰ আপাতঃ বিক্ষিপ্ত নৈমিত্তিক জীৱনৰ টুকুৰা দৃশ্যাৱলীৰে তেওঁ কাহিনীৰ গভীৰলৈ লাহে লাহে দৰ্শকক আগবঢ়াই নিয়ে। চলচ্চিত্ৰত তেওঁ দৃশ্যসমূহকেই কাহিনী উপস্থাপনৰ প্ৰধান ভাষা হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়; সংলাপৰ ভূমিকা সাধাৰণতে তেওঁৰ ছবিত গৌণ। দৃশ্যসমূহক জীৱনৰ  প্ৰকৃত ছবিৰ অনুকৰণত নাটকীয়তা পৰিহাৰ কৰি উপস্থাপন কৰা হয় যদিও এটা কেন্দ্ৰীয় ভাৱে দৃশ্যসমূহৰ মাজত এটি ছন্দোৱদ্ধ ধাৰাবাহিকতাৰ সৃষ্টি কৰি দৰ্শকৰ হৃদয়ত প্ৰবেশ কৰিবলৈ সক্ষম হয়। মানুহৰ দৈনন্দিন জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ, অন্তৰত পুহি ৰখা হেঁপাহবোৰ, দয়া-চেনেহ, আবেগৰ নিভাঁজ দৃশ্যাৱলীৰে দৰ্শকৰ অন্তৰাত্মা স্পৰ্শ কৰাকৈ ৰীমা দাসৰ চলচ্চিত্ৰৰ কাহিনী গ্ৰথিত হৈ উঠে।

চলচ্চিত্ৰনিৰ্মাতাগৰাকীয়ে বিভিন্ন সাক্ষাৎকাৰত চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অনুপ্ৰেৰণা আৰু প্ৰভাৱৰ বিষয়ে উল্লেখ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষাৰ চলচ্চিত্ৰৰ ৰসস্বাদন কৰি তেওঁ নিজৰ এটা শৈলী সৃষ্টিৰ প্ৰয়াস কৰিছে। তেওঁৰ ছবিৰ নিৰ্মাণশৈলীত বিশেষকৈ ইৰাণী কথাছবিৰ প্ৰভাৱৰ কথা তেওঁ প্ৰায়েই উল্লেখ কৰিছে। বিভিন্ন ধৰ্মীয় আৰু সামাজিক প্ৰত্যাহবানৰ মাজত নিৰ্মিত ইৰাণীয়ান ছবিসমূহত কম পৰিসৰৰ পটভূমিৰ মাজতে সৰু সৰু আপাত সাধাৰণ মুহুৰ্তবোৰৰ জৰিয়তে তেওঁলোকৰ সামাজিক প্ৰেক্ষাপটত মানবীয় জগতৰ আবেদনভৰা ছবি অঁকা পৰিলক্ষিত হয়।

এইখিনিতে এটা সৰু কিন্তু মন কৰিবলগীয়া কথা উল্লেখ কৰিব পাৰি। ৰীমা দাসে ছবিসমূহৰ নামকৰণৰ ক্ষেত্ৰত  ইংৰাজী ভাষাৰ সৰল শিৰোনাম ব্যৱহাৰ কৰি আহিছে। Subtitleৰ জৰিয়তে আজিকালি সকলো ভাষাৰ চলচ্চিত্ৰই চলচ্চিত্ৰৰসিকে ভাষাৰ বাধা অতিক্ৰম কৰি ৰসস্বাদন কৰিব পাৰে, তথাপিও ইংৰাজীৰ দৰে বহুল প্ৰচলিত ভাষাৰ শিৰোনামযুক্ত হোৱা বাবে তেওঁৰ কথাছবিৰ ব্যক্তব্যৰ প্ৰাথমিক ধাৰণাটো আন্তৰ্জাতিক দৰ্শকসকলে সহজে বুজিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা থাকে।

আজিৰ ইন্টাৰনেটৰ যুগত যি ভাষা বা পৰিবেশতে নিৰ্মাণ কৰা নহওক কিয়, সুনিৰ্মিত ৰসোত্তীৰ্ণ কথাছবিয়ে পৃথিৱীৰ যিকোনো প্ৰান্তৰ চলচ্চিত্ৰৰসিকৰ দৃষ্টি আকৰ্ষণ কৰাতো সহজ হৈ পৰিছে। উদাহৰণস্বৰূপে ভাৰতীয় ছবিৰ প্ৰেক্ষাপটত আজিকালি দাক্ষিণাত্যৰ ছবিয়ে তেওঁলোকৰ উন্নত কলাকৌশল, মনোগ্ৰাহী কাহিনী, আকৰ্ষণীয় কাহিনীকথনৰ বাবে সকলো অঞ্চলৰ সৰ্বস্তৰৰ দৰ্শকৰ সমাদৰ লাভ কৰিছে। ৰীমা দাসৰ ছবিতো বিশ্বমুখী যাত্ৰাৰ সচেতন প্ৰয়াস আছে আৰু এইক্ষেত্ৰত ইতিমধ্যেই সফলতা অৰ্জন কৰি অসমীয়া কথাছবিৰ জগতখনলৈয়ো বিপুল সম্ভাৱনাৰ বতৰা কঢ়িয়াই আনিছে।


Cover image credit: https://www.pexels.com/photo/silhouette-of-woman-photographer-using-camera-at-night-2376991/

Please encourage the author with your valuable comment