silhouette of person holding sparkler digital wallpaepr

সহস্ৰ গাঁঠিৰ বান্ধ

আইতাই কʼলে,
মাটিত লেপেটা কাঢ়ি বহি থকা মোৰ ছাঁটো
সাইলাখ দেউতাৰ দৰে।
পানীজুৱঁলিত কক্-বকাই মৰা তেওঁৰ শৈশৱটোও বোলে
মোৰ দৰেই আছিল।

drone shot of buildings in a city

গুৱাহাটীত আছে বা কি!

বিচাৰিলে কাম নাই, কাম পালে টকা নাই; নাই টকা, সব ফিকা, জীৱনটোৱে হাঁয় হাঁয়! নাই যাৰ ফিয়েট গাড়ী, নাৰীয়ে নাচায় হাঁহি মাৰি, হাঁহি মাৰি— নাই কাণত হেডফোন, ব্লেক এণ্ড হোৱাইট সৱ সপোন; থকা হ’লে ইচমাৰ্ট ফোন, দিনে ৰাতিয়ে গুণগুণ। কি হ’ব, হ’ব কি দুশ টকা হাজিৰাত, বেকাৰ এই জিন্দেগীতে হৈ যাওক না বাজিমাত; জীৱন ৰেলৰ পেছেঞ্জাৰ, তামাছা চাবলে দুনিয়াৰ; ভীৰৰ মাজত মৰি-হাজি, গুৱাহাটীত হাজিৰ আজি; গুৱাহাটীত আছে বা কি!

woman wearing brown shirt inside room

অপেক্ষা

আশা—আশা বোলে মানুহে কৰিব লাগে,
কিন্তু আশাৰ প্ৰত্যুত্তৰত মই পাওঁ মাথোন মোৰ নিজৰে হুমুনিয়াহ…..

empty cave

ভুল

ভুলবোৰ সেয়ে আৱিষ্কাৰৰ পূৰ্বজ
অবাঞ্চিত কিন্তু ৰোমাঞ্চকৰ
বহু ভুলৰ পাছত সগৰ্বে
থিয় দি থকা সত্যটোও
হয়গৈ আন এটা ভুল।