–ৰিংকু দত্ত
কেনেবাকৈ ওলমি থাকে
এখন চিলা
লঠঙা ডালত,
ক’ৰবাত কেনেবাকৈ…
দিগ্বিদিক্ হেৰুৱাই ঢলি পৰে
সন্ধিয়াৰ টুকুৰাবোৰ ৷
উলাহৰ বতাহজাক গুচি যায়
ক’ৰবালৈ,
চিলাখন আকাশমুখী,
কিন্তু
আকাশখন হেৰাই যায় ৷

Young poet Rinku Dutta is a post graduate in English literature from Assam University, Silchar. Professionally, he is a teacher at Jamuguri Adarasha Jatiya Vidyapeeth in Golaghat, Assam.