woman wearing brown shirt inside room

অপেক্ষা

–কৰণিকা কাশ্যপ

তুমি যোৱাৰ বহু সময় পাৰ হৈ গ’ল
সময় বাগৰাৰ লগে লগে কত যে কি সলনি হ’ল !
নাহৰ জোপাৰ তলত যে আমি খেলিছিলোঁ,
সেই জোপা এতিয়া আৰু নাই, মানুহৰ মনবোৰো আৰু আগৰ দৰে হৈ থকা নাই ।
পদুলিমুখত তোমালৈ ৰৈ ৰৈ মোৰ মনো আজি ক্লান্ত।
আশা—আশা বোলে মানুহে কৰিব লাগে
কিন্তু আশাৰ প্ৰত্যুত্তৰত মই পাওঁ মাথোন মোৰ নিজৰে হুমুনিয়াহ ।
বহু ঋতু পাৰ হ’ল, তুমি নাহিলা !
মোলৈ বুলি চিঠি এখন লিখিবলৈও তোমাৰ আহৰি নহ’ল
তুমিবিহীন বহু বহাগৰ দৰে এইবাৰৰ বহাগেও মোলৈ ৰং কঢ়িয়াই নানে,
মাথোন আনিব পুৰণি স্মৃতিবোৰ ।
তুমি আৰু নাহা—জানোঁ।
আৰু আহিলেও জানো সেই ফুটবল খেলি ধূলিত লুটুৰি-পুটুৰি হোৱা ল’ৰাজন হৈ আহিবা ?
আৰু ময়ো জানো খিৰিকিৰে জুমি চোৱা সেই একেজনী ছোৱালী হৈ আছোঁ ?
সকলোবোৰ সলনি হৈ গ’ল
তুমি, তুমি হৈ নাই আৰু ময়ো হয়তো মই হৈ নাই
মাথোন তোমাৰ বাবে মোৰ ভালপোৱাবোৰ একেই হৈ ৰ’ল, একেই হৈ ৰ’ব ।


মূলতঃ ইংৰাজী ভাষাত কাব্য-সাধনা কৰি অহা সম্ভাৱনাপূৰ্ণ কিশোৰী কবি কৰণিকাৰ কিছু সংখ্যক ইংৰাজী কবিতা Wissenmonk Anthology 2020: A new path to enlightenment-ত (Amazon-ত উপলব্ধ) অন্তৰ্ভুক্ত হৈছে। কৰণিকাৰ কবিতাত গভীৰ জীবনবোধ, শব্দ প্ৰয়োগৰ চাতুর্য, আৰু কাব্যিক সুষমা পৰিলক্ষিত হয়।


1 Comment

  1. Thank you Karanika for your contribution

Please encourage the author with your valuable comment