বাৰ্ধক্যৰ প্ৰতি আমাৰ মনোভাৱ কি ? বাৰ্ধক্য মানেই ৰোগ, যন্ত্ৰণা, নিঃসংগতা, অৱসাদে ভৰা নিষ্ক্ৰিয় জীৱন নেকি ? প্ৰতিটো খোজতেই আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ মনোবেদনাৰে ভৰা জীৱন নেকি ? যাৰ বাবে বৃদ্ধাৱস্থা অবাঞ্চিত, অনাহুত। সেই বাবেই নেকি জীৱনৰ বিয়লি বেলাত ৰৈ বহুজনে নিজৰ নিকট- ভৱিষ্যতৰ বৃদ্ধ কালৰ ভাৱনাত শংকিত হৈ পৰে। যৌৱনত ভৰি থৈ আমাৰ আত্মীয়, অনাত্মীয় বৃদ্ধ-বৃদ্ধাসকলৰ প্ৰতি আমিনো কেনে মনোভাৱ পোষণ কৰো ?
