–জুলি বৰা
এক অনাহুত অৱস্থা?
বৃদ্ধাৱস্থাৰ প্ৰতি সকলো মানুহৰে স্বাভাৱিক বিকৰ্ষণ। মনৰ গোপন অভিলাষ – বাৰ্ধক্যৰ আগমণ বিলম্বিত হওক। অনাহুত বাৰ্ধক্যক আঁতৰাই ৰাখিবলৈ বা চকুত নপৰাকৈ ৰাখিবলৈ চেষ্টাৰো অন্ত নাই। বহুতো বৃথা চেষ্টাৰ অন্তত, অৱশেষত আমি মানি ল’বলৈ বাধ্য হওঁ – বাৰ্ধক্য নিশ্চিত, আমাৰ জীৱনলৈ বাৰ্ধক্যৰ আগমণ অনিবাৰ্য, সময়ৰ হাতত আমাৰ পৰাজয় অৱশ্যম্ভাৱী।
যন্ত্ৰণাক্লিষ্ট জৰা অৱস্থাৰ কথা ভাবি মানুহ শংকিত, ভীতিবিহ্বল হৈ থাকে। মহাকাব্যত বৰ্ণিত যযাতিৰ কাহিনীত যৌৱনলিপ্সু, ভোগাসক্ত মানৱ মনৰেইতো প্ৰতিফলন ঘটিছে। কি আছিল যযাতিৰ কাহিনী? অসুৰসকলৰ গুৰু শুক্ৰাচাৰ্যৰ অভিশাপগ্ৰস্ত হৈ যযাতিয়ে নিজৰ যৌৱন হেৰুৱাবলগীয়া হয়। বহু অনুনয়-বিনয়ৰ অন্তত যযাতিৰ শাস্তি কিছু লঘূ কৰিবলৈ শুক্ৰাচাৰ্য সন্মত হয়। ইচ্ছুক আন কাৰোবাৰ লগত নিজৰ অকাল বাৰ্ধক্য বিনিময় কৰি যযাতিয়ে পুনৰ যৌৱন লাভ কৰিব পাৰিব বুলি কোৱাত নিজৰ পুত্ৰসকলক তেওঁৰ বাৰ্ধক্য গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। কিন্তু চাৰিওজন পুত্ৰই বিমুখ কৰাৰ বিপৰীতে কনিষ্ঠ পুত্ৰ পুৰুৱে অৱশেষত পিতাকৰ পৰা বাৰ্ধক্য গ্ৰহণ কৰি তেওঁক নিজৰ যৌৱন দান কৰে। যৌৱনৰ সুখ ভোগ কৰি কৰি যযাতিয়ে অৱশেষত বুজি উঠে যৌৱনৰ ভোগলিপ্সা অসীম, ই কেতিয়াও পূৰ্ণ নহয়, অৱশেষত পুত্ৰক যৌৱন ঘূৰাই দি যযাতিয়ে নিজৰ বাৰ্ধক্য আঁকোৱালি লয়। যযাতিৰ যৌৱনলিপ্সা মানুহৰ অপূৰ্ণ বাসনাৰ প্ৰতীক বুলি আমি ধৰিব পাৰোঁ।

বাৰ্ধক্যৰ প্ৰতি আমাৰ মনোভাৱ কি ? বাৰ্ধক্য মানেই ৰোগ, যন্ত্ৰণা, নিঃসংগতা, অৱসাদে ভৰা নিষ্ক্ৰিয় জীৱন নেকি? প্ৰতিটো খোজতেই আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ মনোবেদনাৰে ভৰা জীৱন নেকি? যাৰ বাবে বৃদ্ধাৱস্থা অবাঞ্চিত, অনাহুত। সেই বাবেই নেকি জীৱনৰ বিয়লি বেলাত ৰৈ বহুজনে নিজৰ নিকট ভৱিষ্যতৰ বৃদ্ধকালৰ ভাৱনাত শংকিত হৈ পৰে। যৌৱনত ভৰি থৈ আমাৰ আত্মীয়, অনাত্মীয় বৃদ্ধ-বৃদ্ধাসকলৰ প্ৰতি আমিনো কেনে মনোভাৱ পোষণ কৰোঁ? শিশু এটিক ডাঙৰ-দীঘল কৰোঁতে যিমানখিনি মৰম, পৰিচৰ্যা, আদৰ যত্নৰ প্ৰয়োজন, বৃদ্ধ কালতো অনুৰূপ পৰিচৰ্যাৰ দৰকাৰ হৈ পৰে। পিতৃ-মাতৃয়ে সন্তানক ডাঙৰ কৰোঁতে নিজ অনুভূতি, পৰিসৰ, সামৰ্থ্য অনুযায়ী দিবলগাখিনি দিয়াত সাধাৰণতে কৃপণালী নকৰে। (অৱশ্যে কিছুমান নিদাৰুণ, কৰুণ ঘটনা ঘটে। সেইবোৰ ব্যতিক্ৰম বুলি ধৰা হয়) কিন্তু বৃদ্ধাৱস্থাত সকলো পিতৃ-মাতৃয়ে সক্ষম সন্তানৰ পৰা অনুৰূপ পৰিচৰ্যা বিচাৰিলেও পাবলৈ সক্ষম নহয়। জীৱন আৰু জীৱিকাৰ তাড়নাত সন্তানৰ বাবে পিতৃ-মাতৃৰ কাষত সকলো সময়তে থকাটো সম্ভৱপৰ নহয়। আধুনিক জীৱনৰ দ্ৰুত গতি, অত্যধিক কৰ্মব্যস্ততাই মানসিক দূৰত্বও বঢ়াই পেলাইছে। আশ্চৰ্যকৰ ভাৰ্ছুৱেল জগতখনে আন্তৰিক তাগিদাবোৰ নাইকীয়া কৰি পেলাইছে। তাৰ ঠাই লৈছে কৃত্ৰিম, আন্তৰিকতাহীন মিথ্যাচাৰবোৰে।
এনে কিছুমান দিন আছিল, ককাক-আইতাকহঁতে নাতি-নাতিনীহঁতৰ লগত দিনবোৰ উপভোগ কৰাৰ সুযোগ পাইছিল। এষাৰ আদৰুৱা মাত, মৰমৰ স্পৰ্শই যন্ত্ৰণানাশকৰ কাম কৰিছিল। আজিৰ বৃদ্ধ-বৃদ্ধাসকলৰ বাবে এনে যন্ত্ৰণানাশক পোৱাটোও লাহে লাহে বিৰল হৈ পৰিছে।
বাৰ্ধক্যক আমি কেনেদৰে গ্ৰহণ কৰা উচিত?
বাৰ্ধক্যক আমি কেনেদৰে গ্ৰহণ কৰা উচিত? এইক্ষেত্ৰত জাপানী লোকসকলৰ জীৱন-কৌশল সততে চৰ্চিত হয়। জাপানী ভাষাত বোলে retire শব্দটোৰ কোনো প্ৰতিশব্দ নাই। জাপানী লোকসকল সুখী বা দীৰ্ঘজীৱী হোৱাৰ গোপন মন্ত্ৰটো হয়তো তাতেই লুকাই আছে। নিজৰ শৰীৰে যেতিয়ালৈকে কূলায়, তেতিয়ালৈকে তেওঁলোকে কাম কৰে। দীৰ্ঘজীৱী জাপানী লোকসকলৰ জীৱন পৰিক্ৰমা চৰ্চা কৰিলে দেখা যায় ১০০ বছৰ বয়সতো চাইকেল চলাব পৰাকৈ সক্ষম তেওঁলোক। ১০৭ বছৰ বয়সতো শৈশৱত নচাৰ দৰে নাচিবলৈ সক্ষম হোৱাৰ বাবে, সকলোতে ভাল দেখা স্বভাৱৰ বাবে, নিজৰ দেহ-মন অনবৰতে সক্ৰিয় ৰখা আৰু আনক সহায় কৰি ভাল পোৱা স্বভাৱৰ বাবে বা নিজৰ বাৰ্ধক্য আৰু মৃত্যুক লৈ শংকিত নোহোৱাৰ বাবে জাপানী লোকসকলে দীৰ্ঘ জীৱন লাভ কৰিবলৈ সমৰ্থ হৈছে। উদ্বিগ্নতা নাই, হাঁহি আছে; বন্ধুত্বৰ আদৰ আছে, প্ৰতিটো ঋতুৰ আমেজ ল’ব জনা সুখানুভৱ আছে; জীৱনৰ প্ৰতি যোগাত্মক দৃষ্টি আছে; লোকাচাৰ, পৰম্পৰা আৰু মূল্যবোধৰ প্ৰতি সন্মান আছে আৰু আছে সৰল জীৱনশৈলীৰ প্ৰতি অনুৰাগ । প্ৰকৃতিৰ সংসৰ্গ, ভাৰতীয় ঐতিহ্যৰ পৰা লোৱা যোগাভ্যাস – দৈনন্দিন জীৱন-প্ৰৱাহত এইবোৰৰ সংযোগে জাপানী জীৱন শৈলীক দিছে “অত্যাধুনিক সৰলতা” (sophisticated simplicity)। এইবোৰ কথাই জাপানীসকলৰ বৃদ্ধাৱস্থা সুন্দৰ আৰু সহনীয় কৰি তুলিবলৈ সক্ষম হৈছে।
হিন্দুধৰ্মমতে জীৱনৰ চাৰিটা স্তৰ বা চাৰি আশ্ৰমৰ ভিতৰত এটা – বানপ্ৰস্থক জীৱনৰ এটা অতি সংক্ৰমণশীল অৱস্থা হিচাপে ধৰিব পাৰি। গাৰ্হস্থ্য জীৱনৰ কামনা-বাসনাৰ পৰা আঁতৰি আহি জীৱনৰ আধ্যাত্মিক উপলব্ধিৰ স্তৰত উপনীত হৈ বাৰ্ধক্যক গ্ৰহণ কৰি লোৱাৰ প্ৰস্তুতি আৰম্ভ হয়।
মধুৰতম প্ৰাপ্তিৰ ক্ষণ
বাৰ্ধক্য আনন্দময় কৰাটোৱেই আমাৰ লক্ষ্য হ’ব পাৰে। গতিশীল সময় আমাৰ প্ৰতিদ্বন্দ্বী। তথাপি কামৰ ভিৰত, সৰু ডাঙৰ স্বপ্নৰ মাজত আমি বুঢ়া নোহোৱাকৈ থাকিব পাৰো বা বুঢ়া হ’বলৈকে পাহৰি থাকিব পাৰোঁ। বিশ্ববিখ্যাত চিত্ৰ পৰিচালক ইংগমাৰ বাৰ্গমেনে ৮৭ বছৰ বয়সত কৈছিল, “Therefore we don’t lose heart. Even though our outward man is perishing, yet the inward man is being renewed day by day. ” তেজ মঙহৰ মানুহজন ক্ষয় হ’ব পাৰে, কিন্তু ভিতৰৰ মানুহজন প্ৰতিদিনে ন ৰূপত গঢ় লয়, যেতিয়া আমাৰ হৃদয়ে হাৰ নামানে। Robert Browning ৰ কথাত ” Grow old along with me. The best is yet to be ” অৰ্থাৎ জীৱনৰ সৰ্বোৎকৃষ্ট বা সৰ্বোত্তমখিনি পাবলৈ আমি অন্ততঃ বুঢ়া হোৱালৈ অপেক্ষা কৰিব লাগিব। বুঢ়া হৈও এজন তৰুণৰ দৰে মৃত্যুক আঁকোৱালি ল’ব পৰাটোৱেই হ’ব আমাৰ জীৱনৰ বৃহৎ সফলতা।