photo of person holding stones

সৰু সৰু আনন্দবোৰ

সৰলানন্দ প্ৰকাশ

অ’ জীৱন!

এটা সাঁথৰ?

পোৱা-নোপোৱাৰ হিচাপত কেতিয়াবা মন বিষাদ-গধুৰ হৈ পৰিলে, মোৰ জীৱনত একো নহ’ল বুলি মাজে-সময়ে আমি হুমুনিয়াহ কাঢ়োঁ। অসন্তুষ্টি, নিৰাশাই আগুৰি ধৰা সেই মুহূৰ্তবোৰত জীৱনটো যেন আমাৰ কাৰণে দুৰ্বিসহ হৈ পৰে। আমাৰ চৌপাশৰ সফল, সুন্দৰ, স্বচ্ছল, প্ৰাণোচ্ছল মানুহবোৰৰ দৈনন্দিন জীৱনৰ লগত নিজৰ দীন-হীন জীৱনৰ তুলনা কৰি আমি হৈ পৰোঁ হতাশ, ক্লান্ত আৰু পৰাজিত! ভূপেন হাজৰিকাৰ গীতত লিখাৰ দৰে জীৱনে নাই নাই বুলি কান্দি উঠে। আমাৰ চকুত অতৃপ্তি, অপ্ৰাপ্তিৰ কুঁৱলীয়ে এখন আস্তৰণ টানি জীৱনৰ সকলো আনন্দকে ক্ষণিকৰ বাবে হ’লেও আঁৰ কৰি পেলায়। নোপোৱাৰ বেদনাত জীৱনটো হৈ পৰে আমাৰ বাবে বুজিব নোৱাৰা এটা সাঁথৰ।

জীৱনটোনো কি?

আচলতে আমাৰ জীৱনটোনো কি? কিছুমান মুহূৰ্তৰে সমষ্টি নহয় জানো! জন্মৰ পৰা মৃত্যুলৈ এটা এটাকৈ পাৰ হৈ যোৱা ছেকেণ্ডবোৰ, মিনিটবোৰ, ঘণ্টাবোৰ, দিনবোৰেই জানো জীৱনৰ একো একোটা অংশ নহয়! আমাৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত সময়ৰ সৰলৰেখাডালৰ এই ক্ষুদ্ৰ অংশটোক আমি কি ধৰণে যাপন কৰোঁ, কি ধৰণে ব্যৱহাৰ কৰোঁ– তাকেই শেষত আমি আমাৰ জীৱন বুলি অনুভৱ কৰোঁ। আমি সচেতন নহ’লেও পাৰ হৈ যোৱা মুহূৰ্তবোৰৰ প্ৰতিটোৰে সুকীয়া গুৰুত্ব আছে, মাধুৰ্য আছে। এটা দুটাকৈ ইটাৰ টুকুৰা লগ হৈ বিশাল অট্টালিকা গঢ় লৈ উঠাৰ দৰে প্ৰতি পল-অনুপলৰ এটি দুটি অভিজ্ঞতা সঞ্চিত হৈয়ে আমাৰ জীৱনে গঢ় লৈ উঠে।

গতিকে আমাৰ উপলব্ধিত জীৱনটো কিমান সুখকৰ আৰু মধুৰ হৈ ধৰা দিয়ে, সেয়া নিৰ্ভৰ কৰে পাৰ হৈ যোৱা সময়খিনিয়ে আমাক কি কি অভিজ্ঞতাৰ সোৱাদ দি থৈ যায় তাৰ ওপৰত। সন্দেহ নাই যে জীৱন নামৰ সময়ৰ এই টুকুৰাটোৰ প্ৰতিটো পল, অনুপল আমি বিচৰাৰ দৰে কটোৱা সম্ভৱ নহয়; প্ৰতিটো মুহূৰ্তই আনন্দৰ ঢল কঢ়িয়াই আনিব বুলি আশা কৰাটোও মিছা। আচলতে প্ৰায়েই আমাৰ জীৱনটোত আমি বিজয়, সাফল্য বা প্ৰাপ্তিৰ ছঁয়াময়া এটি সপোন খেদি ফুৰোঁ। বিচৰাটো পালে কিছুদিন হয়তো সন্তুষ্টিৰ হাঁহি মাৰোঁ, তাৰ পাছত আকৌ নতুন এটা আকাংক্ষাৰ পম খেদোঁ। অসন্তুষ্টি, অতৃপ্তিৰ নতুন এটা অধ্যায়ৰ আৰম্ভ কৰি দিওঁ। এইখন নাটকৰ মাজত আমি জীৱনৰ প্ৰতিটো লহমাই কঢ়িয়াই আনিব পৰা সম্ভাৱনা আৰু সৌন্দৰ্যক প্ৰায়েই আওকাণ কৰোঁ।

সৰু সৰু আনন্দবোৰ

অলপ আত্মবিশ্লেষণ কৰি চালে আমি হয়তো দেখিম যে সুখ, আনন্দ, পৰিতৃপ্তিত চকু মুদ খাই যাবলৈ কেতিয়াবা বিৰাট ডাঙৰ কিবা এটা সাফল্য বা আমোদ-প্ৰমোদৰ প্ৰয়োজন নহয়। আপাতঃ গুৰুত্বহীন, নিৰ্বিশেষ সৰু সৰু ঘটনা-পৰিঘটনাবোৰেও বিমল আনন্দৰে জীৱন সমৃদ্ধ কৰি তুলিব পাৰে। পাছত সেইবোৰেই স্মৃতিৰ ভঁৰালত সোণগুটি হৈ জীৱনৰ মধুৰতম সোঁৱৰণী হৈ পৰে। সকলোৰে জীৱনত তেনেকুৱা সাধাৰণ, কিন্তু নিৰ্ভেজাল আনন্দৰ উৎসৰ অভাৱ নাই। তেনেকুৱা ক্ষণবোৰ পাহৰণিৰ বুকু ফালি যেতিয়া সোঁৱৰি চাওঁ, তেতিয়া হয়তো দেখোঁ জীৱনৰ যাত্ৰাটোৱে আমাক বহুত কিবাকিবিয়েই দি গৈছে। এই যাত্ৰাত লক্ষ্য কি ডাঙৰ কথা নহয়, পথ আৰু যাত্ৰাৰ সৌন্দৰ্য উপভোগ কৰাটোৱেই মুখ্য।

আমতলৰ সোঁৱৰণী

গৰমৰ দিন। জুন নে জুলাই  মাহ। মই সেই সময়ত আছিলো প্ৰাইমেৰী স্কুলৰ ছাত্ৰ। গৰমৰ বন্ধ দিবলৈ তেতিয়াও কিছুদিন বাকী। কিবা কাৰণত সেইদিনা স্কুল সোনকালে ছুটী দিছিল। টিকা ফটা ৰ’দত স্কুলৰ পৰা খোজ কাঢ়ি উভটি আহিছোঁ। দুপৰীয়াৰ ৰ’দত গৰমত আধা সিজি ঘামেৰে জুৰুলি জুপুৰি হৈ ঘৰত সোমাইছোঁ। ঘৰ সোমাই দেখা পালোঁ– মায়ে পিছবাৰীৰ আমতলত বাঁহৰ পাছিত এপাছি পকা আম লৈ বহি আছে। গৰমৰ যাতনা, দুঃখ-ভাগৰ ক’ৰবালৈ পলাল। মুখ-হাত ধুই দৌৰ মাৰি গৈ বহিলো মাৰ কাষত। মায়ে পকা আমৰ বাকলি গুচোৱা আৰম্ভ কৰিলে। গাঁৱৰ ঘৰৰ বাৰীত যত্নহীন ভাৱে হোৱা আম। আমৰ মঙহতকৈ পোকৰ পৰিমাণ বেছি। পোকৰ আক্ৰমণত ক্ষতবিক্ষত আম এটা মায়ে কটাৰীৰে কুৰুকি পোকে খোৱাবোৰ আঁতৰাই কথমপি খাব পৰা কৰি মোৰ হাতত তুলি দিলে। মই সময় নষ্ট নকৰি আঙুলিৰ ফাঁকেৰে ৰস বৈ যোৱাকৈ চুহি চুহি পোকে খোৱা সেই আমৰ সোৱাদ ল’বলৈ আৰম্ভ কৰি দিলোঁ। পথাৰৰ মাজেৰে দেহ জুৰ পৰি যোৱা ৰিব ৰিব বতাহ এজাক বৈ আহিছিল মাজে মাজে। গ্ৰীষ্মৰ দুপৰীয়াটোৰ নিৰৱতা ভাঙি ক’ৰবাত কপৌ চৰাই এটাই ৰুণ দি উঠিল। আমৰ পাছিটোত আমবোৰ এটা এটাকৈ কমি আহে। কাষত গঢ় লৈ উঠে বাকলি আৰু আমগুটিৰ সৰু এটা দ’ম। তাৰে পৰা হঠাৎ গৃহহাৰা হোৱা ক’লা ক’লা সৰু সৰু পোকবোৰে অসহায়ভাৱে সিফালে অহাযোৱা কৰা আৰম্ভ কৰে। মই পকা আমৰ সোৱাদ লৈ লৈ নিৰৱে সিহঁতৰ কাৰ্য-কলাপ নিৰীক্ষণ কৰি থাকোঁ। তাৰ মাজতেই হয়তো মায়ে মোক এটা দুটা কথা সোধে– আজি স্কুলত কি পঢ়ালে, ৰ’দত ছাতিটো মই কিয় লোৱা নাছিলোঁ, ইত্যাদি। এতিয়া, বহুদিনৰ পাছত সুখ আৰু পৰিতৃপ্তিৰ সংজ্ঞা কি বুলি কোনোবাই ক’লে মোৰ মনৰ চকুত এনেকুৱা এটা দৃশ্যয়েই অগাদেৱা কৰে।

পথাৰৰ গোন্ধ

মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে গাঁৱৰ ঘৰৰ পৰা বাহিৰত থাকি পঢ়িবলৈ ওলাই আহিছিলোঁ। ওচৰৰেই গোলাঘাট চহৰৰ ভাড়াঘৰত থাকি হায়াৰ ছেকেণ্ডাৰীৰ ক্লাছ কৰা আৰম্ভ কৰিলোঁ। প্ৰথম অৱস্থাত কলেজৰ ক্লাছ, প্ৰাইভেট ক্লাছৰ ধুমুহাৰ মাজতো দেওবাৰে সুবিধা পালেই প্ৰায়েই ঘৰলৈ ল’ৰ মাৰিছিলোঁ। লাহে লাহে ক্লাছ, টিউচন আৰু পৰীক্ষাৰ উপদ্ৰৱত সঘনে ঘৰলৈ যোৱাৰ অৱকাশ কমি আহিল। এবাৰ খুব সম্ভৱ এক-দুই মাহমান ঘৰলৈ যাব পৰা নাছিলোঁ। জুলাই-আগষ্ট মাহ আছিল ছাগে সেয়া– বাৰিষাৰ সময়। ইমান দীঘলীয়া দিন ঘৰৰ পৰা আঁতৰত আগতে কেতিয়াও থাকি পোৱাই নাছিলোঁ। সেয়ে দুমাহৰ মূৰত যিদিনা হামদৈ পথাৰ পাৰ হৈ দহ কিলোমিটাৰ দূৰৈৰ গাঁৱৰ ঘৰলৈ চাইকেলেৰে গৈছিলোঁ, সেইদিনা মোৰ গা স্বাভাৱিকতেই সাতখন আঠখন হৈ আছিল। ঘৰলৈ উভটি অহাৰ আনন্দত বিভোৰ হৈ চাইকেলৰ পেদেল তীব্ৰ বেগত ঘুৰাবলৈ ধৰিছিলোঁ– যেন নিমিষতে ঘৰ গৈ পাওঁ! চহৰখন এৰি লাহে লাহে গাঁৱলীয়া পৰিৱেশটোত সোমাই পৰাৰ লগে লগে মই আৰু বেছি পুলকিত হৈ পৰিলোঁ। ধোদৰ আলিৰ কাষৰ বিস্তীৰ্ণ পথাৰবোৰত যেতিয়া মোৰ চকু পৰিল, মই যেন চমকি উঠিলোঁ। ভাদমহীয়া পথাৰবোৰত ৰোৱাবোৰ ইতিমধ্যেই সজাল ধৰি গাঢ় সেউজীয়া হৈ পৰিছে। মোৰ ষোল্ল বছৰীয়া জীৱনটোত ধাননি পথাৰৰ সৃষ্টি-আন্দোলনৰ প্ৰক্ৰিয়াটো– কঠীয়া পৰাৰ পৰা ধান পকি সোণালী হোৱালৈকে আজন্ম দেখি আহিছিলোঁ। খৰালিৰ উদং পথাৰবোৰত বাৰিষা অহাৰ লগে লগে লাহে লাহে এক চঞ্চলতা বিয়পি পৰে; হালোৱা, গৰু-ম’হ, ৰোৱনিৰ পৰিশ্ৰমৰ ঘাম পৰি পথাৰত ৰূপান্তৰৰ ঢল উঠে। সেই ৰূপান্তৰ, সেই সৃষ্টি-আন্দোলনৰ ইমান দিনে মই এজন নিকটতম দৰ্শক বা অংশীদাৰ আছিলোঁ। প্ৰথমবাৰৰ বাবে সেই প্ৰক্ৰিয়াৰ দুটাকৈ গুৰুত্বপূৰ্ণ মাহ মই পথাৰখনৰ পৰা আঁতৰত থাকিলোঁ। সেইখিনি সময়তে ৰূপ সলাই পেলোৱা পথাৰখনলৈ চাই মই বিস্ময়-বিমুগ্ধ হৈ পৰিলোঁ। চিনাকি পথাৰখনে যেন মোৰ অনুপস্থিতিৰ কাৰণে ঠেঁহ পাতিহে আছিল! এক অনিৰ্বচনীয় আনন্দত মই উথলি উঠিলোঁ। গাঁৱৰ পৰা দুমহীয়া বিচ্ছেদৰ অন্তত পুনৰ পথাৰৰ বুকুৱেদি বাট বুলাৰ সেই দিনটোৰ মধুৰ উত্তেজনা আৰু আনন্দই এতিয়াও অন্তৰত অজান হাঁহিৰ ঢৌ তুলি যায়।

সম্ভৱতঃ বহুতৰ বাবে এইবোৰ নধৰ্তব্য, নগণ্য ঘটনা বা অনুভৱ– পথৰ কাষত পৰি থকা শুকান পাতখিলাৰ দৰেই গুৰুত্বহীন। কিন্তু যিবোৰ মায়াবী, যাদুকৰী সাফল্য আৰু প্ৰাপ্তিৰ মুহূৰ্তৰ বাবে আমি হামৰাও কাঢ়ি থাকোঁ, সেইবোৰো জানো এই আদি-অন্তহীন ব্ৰহ্মাণ্ডখনৰ অসংখ্য পৰিঘটনাবোৰৰ মাজত এটা নগণ্য সংঘটনেই নহয়! কিবা এটা ডাঙৰ নে সৰু, গুৰুত্বপূৰ্ণ নে গুৰুত্বহীন সেয়া বহু পৰিমাণে আমাৰ দৃষ্টিভংগীৰ ওপৰতো নিৰ্ভৰ কৰে। পোৱা-নোপোৱা, সফলতা-বিফলতা আদিৰ সমন্ধে আমাৰ ধাৰণাবোৰো বহুলাংশে সমাজৰ প্ৰভাৱপুষ্ট পূৰ্বনিৰ্ধাৰিত ধাৰণা। এই ধাৰণাবোৰে আমাক প্ৰায়েই ভ্ৰান্তিৰ জগত এখনত বাস কৰিবলৈ বাধ্য কৰায়। কিন্তু জীৱনৰ শেষ বিচাৰত বোধকৰো পোৱা-নোপোৱাৰ মায়াময় নিগনি দৌৰতকৈ জীৱনৰ প্ৰতিটো মুহূৰ্ত কিমান পূৰ্ণতাৰে যাপন কৰিলোঁ সেইটোহে গুৰুত্বপূৰ্ণ হৈ পৰিব যেন লাগে। গতিকে জীৱনৰ আচল প্ৰাপ্তিৰ সঁচাৰ কাঠি সৰু সৰু মুহূৰ্তই কঢ়িয়াই অনা সৰু সৰু আনন্দবোৰতে লুকাই আছে।

Enjoy the little things, for one day you may look back and realize they were the big things.

Robert Brault.

Please encourage the author with your valuable comment