grayscale photo of man wearing turban

ভোলানাথ ককাইদেউৰ শাস্ত্ৰজ্ঞান

আমাৰ গাঁৱৰ ভোলানাথ ককাইদেউ কম বয়সৰে পৰা শাস্ত্ৰজ্ঞানী বুলি জনাজাত। কথাই কথাই ককাইদেৱে কীৰ্তন-নামঘোষাৰ পদ, গীতা-উপনিষদৰ শ্লোক গাই দিব পাৰে।ককাইদেৱে কথা ক’লে গাঁৱৰ বুঢ়া-মেথাই তবধ মানি শুনে। ককাইদেৱে প্ৰায়েই কৈছিল– আচলতে এই সংসাৰত একো নাই; সকলো কেৱল মায়া আৰু মোহ। স্বাভাবিকতেই সংসাৰৰ প্ৰতি আমাৰ ককাইদেও আছিল একেবাৰে উদাসীন। ধেমালিতেও ককাইদেৱক কোনোবাই বিয়াৰ কথা ক’লে সাত জাপ মাৰে।


পিছে কালৰো কাল, বিপৰীত কাল। সেই হেন শাস্ত্রজ্ঞানী ককাইদেৱো এদিন পাকচক্ৰত পৰি বিবাহ বন্ধনত আৱদ্ধ হ’ব লগা হ’ল। কি পাকচক্ৰ, সেয়া বাৰু পাছলৈ থ’লোঁ। এতিয়া শুনিছোঁ ককাইদেউ দুৰ্ঘোৰ সংসাৰী। বহুদিনৰ মূৰত গাঁৱৰ ঘৰলৈ যাঁওতে সিদিনা হঠাতে তেওঁক বজাৰৰ মাজত লগ পাই সুধিলোঁ, — কি খবৰ ককাইদেউ? ককাইদেৱে লাজকুৰীয়া হাঁহি এটা মাৰি ক’লে, — নকবা আৰু প্ৰশান্ত, মায়া আৰু মোহৰ লগত এই ভৰ দুপৰীয়া বজাৰত ঘূৰি ফুৰিব লগীয়া হৈছে। মই ভাবিলোঁ– বা: আমাৰ ককাইদেও তেতিয়া হ’লে এতিয়াও সলনি হোৱা নাই— সেই একেই তত্বজ্ঞান, সেই একেই নিস্পৃহ মনোভাৱ, সেই একেই কথা-বতৰাৰ ধৰণ-কৰণ। ভাল লাগিল; সংসাৰৰ কঠিন বন্ধনেও যে ককাইদেউক টলাব পৰা নাই। কথাটো মই আমাৰ লগৰে মুকুল দোকানীক ক’লোঁহি। ধেকধেককৈ হাঁহি মস্ত অবাইচ মাত এসোপা মাতি মুকুলে ক’লে,—“সি মায়া -মোহৰ কথা নকৈ কিহৰ কথা ক’ব ঐ। তাৰ মাইকীৰ নাম মায়াৰাণী, জীয়েকৰ নাম মোহময়ী। তই বেটা গাঁৱত থাকিলেহে গম পাবি। তাৰ শাস্ত্ৰজ্ঞান মই বাহিৰ কৰি আছোঁ ৰ। ” মুকুলৰ পৰা উৰহী গছৰ ওৰ পায়ো মোৰ পিছে ককাইদেউলৈ শ্ৰদ্ধা নকমিল, অলপ বাঢ়িলহে। ককাইদেৱে তাৰ মানে আগৰ পৰাই জানিছিল—তেওঁ যে এদিন মায়া-মোহৰ কবলত পৰিব! ধন্য ককাইদেউ, ধন্য আপোনাৰ শাস্ত্ৰজ্ঞান।


Please encourage the author with your valuable comment