আমাৰ উপলব্ধিত জীৱনটো কিমান সুখকৰ আৰু মধুৰ হৈ ধৰা দিয়ে, সেয়া নিৰ্ভৰ কৰে পাৰ হৈ যোৱা সময়খিনিয়ে আমাক কি কি অভিজ্ঞতাৰ সোৱাদ দি থৈ যায় তাৰ ওপৰত। সন্দেহ নাই যে জীৱন নামৰ সময়ৰ এই টুকুৰাটোৰ প্ৰতিটো পল, অনুপল আমি বিচৰাৰ দৰে কটোৱা সম্ভৱ নহয়; প্ৰতিটো মুহূৰ্তই আনন্দৰ ঢল কঢ়িয়াই আনিব বুলি আশা কৰাটোও মিছা। আচলতে প্ৰায়েই আমাৰ জীৱনটোত আমি বিজয় বা সাফল্যৰ ছঁয়াময়া এটি সপোন খেদি ফুৰোঁ। বিচৰাটো পালে কিছুদিন হয়তো সন্তুষ্টিৰ হাঁহি মাৰোঁ, তাৰ পাছত আকৌ নতুন এটা আকাংক্ষাৰ পম খেদোঁ। অসন্তুষ্টি, অতৃপ্তিৰ নতুন এটা অধ্যায়ৰ আৰম্ভ কৰি দিওঁ। এইখন নাটকৰ মাজত আমি জীৱনৰ প্ৰতিটো লহমাই কঢ়িয়াই আনিব পৰা সম্ভাৱনা আৰু সৌন্দৰ্যক প্ৰায়েই আওকাণ কৰোঁ।
