–বিনীতা বৰগোহাঞি
ৰামধেনু নেদেখা বহুদিন হ’ল… দীঘলীয়া বাটত হেৰাই নোযোৱাও বহুদিন হ’ল…গীতবোৰো যেন কিবা বেসুৰা হ’ল … কথাবোৰো ক্ৰমাৎ সাধু হ’বৰ হ’ল !
……পথৰ একাবেকাত ধৰা দিয়া এটা সুন্দৰ ক্লিকৰ প্ৰতীক্ষাত উৎসুকতাৰে ৰৈ থকা সেই চকুহাল…আৱদ্ধ কোঠাৰ মোবাইল, লেপটপৰ পৰ্দাত এতিয়া ধূসৰিত৷ সেমেকি থাকিল মন…কেমেৰাৰ লেন্চখনৰ দৰে৷ বেলকনি অথবা টেৰেছৰ পৰা আকাশৰ দৈঘ্য জোখাৰ বৃথা প্ৰচেষ্টা…আজিৰ বাস্তৱ চিত্ৰপট…সমস্যাৰ শিকলিত বন্দী হায় এই জীৱন!
সঁজাৰ ভিতৰত কেনে আছে বাৰু ভ্ৰমণপিয়াসী মোৰ মন!
ডাৱৰ, বেলি আৰু বৰষুণ৷ বিষয় কেতিয়াবা কবিতা নতুবা সপোন৷ এক মিটাৰৰ ব্যৱধানত আৰুনো কিমানদূৰ আগুৱাব পাৰি! পাহাৰৰ শিখৰ নতুবা অটব্য অৰণ্যৰ নৈসৰ্গিকতাবোৰ এতিয়া যেন মৰিচীকা৷ যাত্ৰাৰ সংগী কেৱল সময়৷ সপোনত অথবা ভাবনাত…সেউজীয়াৰ দেশত অবাধ বিচৰণ!
হাৰ্ডডিক্সৰে নিতৌ মিতিৰালি৷ পুৰণিৰ মাজত নতুনৰ অন্বেষণ৷ প্ৰেক্ষাপটবোৰ যে কিমান সোনকালে সলনি হৈ যায়! টাইম লেপ্চ ভিডিঅৰ কায়দাৰে চকুৰ আগত অগাদেৱা অতীতৰ৷ নাজানো কিয়! অতীতবোৰ সদায়ে বৰ সুন্দৰ যেন লাগে৷ তিঁতা কেঁহাবোৰো মিঠা যেন লাগে৷ অথচ বৰ্তমানত কিজানি সেই সময়ৰ কোনো মূল্যই নাছিল৷ বৰ্ণণো একেটাই৷ যিদৰে এনাইয়ে কৈ গৈছিল, যিদৰে আইয়ে কৈছিল আৰু এতিয়া মই ক’ম…“আমাৰ দিনৰ দিনবোৰ যে কি দিন আছিল!”
জীৱনৰ হাবিয়াসত ভাগৰুৱা দুভৰি৷ তথাপিও দূৰন্ত দৌৰ দৈনন্দিন৷ হেৰুৱালে হিয়া ধাকুৰি কান্দো৷ পাবলৈ সংগ্ৰাম কৰো৷ কিন্তু মৃত্যুৰ পৰতনো কি লৈ যাওঁ!… … …মোহগ্ৰস্ত সকলো৷ মোহগ্ৰস্ত মইও৷ মৃত্যুৰ দুৱাৰদলিৰ পৰা বাৰে বাৰে উভটিও, সপোন দেখো সূৰ্য্যোদয়ৰ৷ কেতিয়াবা খোজকাঢ়ি, কেতিয়াবা দৌৰি আৰু কেতিয়াবা চুচৰি… অব্যাহত এই যাত্ৰা, দুদিন দুভৰি…

এসময়ৰ দক্ষ ক্ৰীড়াবিদ, সংবাদসেৱী, বৰ্তমান অসম সচিবালয়ত কৰ্মৰত বিনীতা বৰগোহাঞিয়ে সাহিত্যৰ জগতখনতো প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে। তেওঁৰ জীৱনবীক্ষা আৰু অনুভৱৰ কিছু প্ৰতিফলন বিচাৰি পাব —https://binitaborgohain.blogspot.com-ত।


খুব সুন্দৰ অনুভৱ, পঢ়ুৱৈ য়ে লেখকৰ সৈতে একাত্ম হোৱাৰ সুযোগ পাব।