আমি সন্ধিক্ষণৰ মানুহ। অতীত আৰু ভৱিষ্যতৰ মাজতে আমাৰ অৱস্থান। এফালে আমি পুৰণি সৰল জীৱনধাৰাৰ স্মৃতি- ৰোমন্থন কৰোঁ, আনফালে সময়ে কঢ়িয়াই অনা অত্যাধুনিক সা-সুবিধাৰো সোৱাদ বিচাৰোঁ। তাৰ মাজতে জীৱন জটিল হৈ পৰিছে বুলি মাজে মাজে হুমুনিয়াহ এৰোঁ। সময়ৰেখাৰ মধ্যবিন্দুত থিয় দি পিছলৈ বাৰে বাৰে উভতি চাই উজুটি খাওঁ। পাহৰি যাওঁ– বৰ্তমানৰ বাহিৰে আমাৰ ভৰিৰ তলত একোয়েই নাই। পাহৰি যাওঁ–অতীত আমাৰ মগজুৰ কোনোবা এটা কোণৰ স্মৃতিৰ কক্ষহে মাথোন, আৰু ভৱিষ্যত? ভৱিষ্যত সেই স্মৃতিৰ গইনা লৈ গজি উঠা আমাৰ উৰ্বৰ মগজুৰে কল্পনা মাত্ৰ। অতীত আৰু ভৱিষ্যতক আমিয়েই জীয়াই ৰাখোঁ।
ভৱিষ্যতো জানো এদিন বৰ্তমানৰ বুকুৰে বৈ অতীত হৈ নপৰিব? আমাৰ এই কথাবোৰো আইতাৰ সাধু হৈ কোন বা পোনাকণৰ মন জুৰাব!
এসময়ত অশীতিপৰ ককাদেউতাক দেখিছিলোঁ– কথাই কথাই আমাৰ দিন, আমাৰ দিন বুলি স্মৃতিচাৰণ কৰিছিল। তেতিয়া ভাৱিছিলোঁ, আমাৰ দিন বুলি ককাইদেউতাই আচলতে কোনবোৰ দিনৰ কথা ক’বলৈ বিচাৰিছিল? তেওঁৰ যৌৱনৰ দিনবোৰ; শৌৰ্য-বীৰ্যৰে ভৰপূৰ সেই কৰ্মময় দিনবোৰ? এতিয়া ভাৱোঁ, মানুহে যেতিয়া তেওঁৰ বৰ্তমানৰ কাৰ্য-কলাপ অথবা প্ৰভাৱৰে তেওঁৰ কল্পনাৰ ভৱিষ্যতক গঢ় দিবলৈ অক্ষম হৈ পৰে, তেতিয়াই তেওঁ অতীতৰ মোহত পৰে। সোণালী অতীতৰ মায়াত তেওঁ বৰ্তমানক স্বীকাৰ কৰিবলৈ ৰাজী নহয়। সময়ৰ সৰলৰেখাডালত তেওঁ সম্পূর্ণ পিছমুৱাকৈ থিয় দি ৰয়। এই অৱস্থা কেৱল যে বাৰ্ধক্যগ্ৰস্ত মানুহৰ হে হ’ব পাৰে তেনেকুৱা কেতিয়াও নহয়; বাৰ্ধক্য বহু ক্ষেত্রত শাৰীৰিক অৱস্থাতকৈ মানসিক অৱস্থাৰ লগতহে জড়িত।
ইয়াৰ দ্বাৰা মই ক’বলৈ বিচৰা নাই যে অতীতক সোঁৱৰাটো বেয়া কথা। আমাৰ বৰ্তমানক গঢ় দিছে অতীতেই। সেয়েহে অতীতক অস্বীকাৰ কৰাটো বাতুলামি মাত্র। অতীত আমাৰ দিগদৰ্শক। কিন্তু আমাৰ সপোনৰ ভৱিষ্যতক সাকাৰ কৰিবলৈ আমাৰ হাতত আছে কেৱল যে বৰ্তমানটো। যেতিয়ালৈকে আমি বৰ্তি আছোঁ, তেতিয়ালৈকে বৰ্তমান আছে। আচলতে আমিয়েই বৰ্তমান, অতীত আৰু ভৱিষ্যতৰ মাজত আমিয়েই সন্ধিক্ষণ; আমাৰ আকাংক্ষিত ভৱিষ্যত গঢ়াৰ আমিয়েই হ’ব লাগিব আদি বিন্দুটো।
