cold snow city sunset

ফিনলেণ্ডৰ সুখৰ আকৰবোৰ

বিশ্বৰ প্ৰায় বোৰ ৰাষ্ট্ৰই কল্যাণকামী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু দুৰ্নীতি, ক্ষমতাৰ লোভ, ন্যস্তস্বাৰ্থ আদিৰ দৰে কিছুমান সংক্ৰামক আৰু ঘাটক জীৱাণুৱে ৰাষ্ট্ৰৰ কল্যাণকামী আদৰ্শৰ মৃত্যু ঘটায়। এই অতি সংক্ৰমণশীল জীৱাণুবোৰৰ বাবে কল্যাণকামী আদৰ্শ সাধাৰণ নাগৰিকৰ ওচৰ পোৱাৰ আগতেই ৰোগাক্ৰান্ত হয় । সেয়ে দেশৰ জনগণৰ দুখ-দুৰ্দশাৰ অন্ত নপৰে। দুখৰ বৰষুণে খন্তেকতে উটুৱাই নিয়ে সুখৰ বালিঘৰ । বুদ্ধৰ বাণী, গীতাৰ বাণীয়ে মুখৰিত কৰা দেশতো আজি সুখৰ মৰীচিকা খেদি দিকভ্ৰান্ত সকলো ।