african american boy sitting in chair and crying

শিশুৰ অপৰাধঃ কাৰণ আৰু প্ৰতিকাৰ

যোৱা ২০ অক্টোবৰৰ দিনা নগাঁও জিলাৰ মিচাত সংঘটিত হোৱা ৬ বছৰীয়া কন্যা শিশুৰ নৃশংস হত্যাই আমাক কেৱল দুখ দিয়াই নহয়, বহু চিন্তাৰে আমাক ভাৰাক্ৰান্ত কৰি তুলিলে । পৃথিৱীত নিতৌ কিমান হত্যাকাণ্ড হয় তাৰ হিচাপ নাই, কিন্তু এইটো হত্যাকাণ্ডৰ হত্যাকাৰীৰ বয়সে আমাক আচৰিত কৰি তুলিলে । দুটা ১১ বছৰীয়া আৰু এটি ৮ বছৰীয়া শিশুৱে হত্যা কৰিলে ৬ বছৰীয়া কন্যা শিশুটিক।