–জুলি বৰা
(১)

যেতিয়া কৃষ্ণচূড়াৰ ৰঙা মদিৰা পি
মায়াময় সপোনৰ নিচাত মতলীয়া হৈছিলোঁ আমি,
পাল তৰি দিছিলোঁ আমাৰ জীৱন নাৱৰ
দোকোলটঁকা বান, তেতিয়া ভৰ যৌৱনৰ।
পাৰাপাৰবিহীন, আথাউনি পানী
মেঘাচ্ছন্ন আকাশ, কেতিয়াবা বৃষ্টি,
হয়তোবা গোমা আকাশৰ খং
হ'ব খোজে জীৱন ডিঙা টুলুং ভুটুং।
ব্ৰজপাতৰ হুংকাৰ, মেঘৰ অট্টহাস, গাজনি
তথাপি নপৰে যতি, জীৱন-নাৱৰ স্বাচ্ছন্দ্য গতি।
(২)

বানেই হওক, ধুমুহাই হওক দি যায় জীৱনৰ পাঠ
এৰাসূঁতিৰ বেদনা, থৈ যায় পলস, জীৱনৰ নিৰ্যাস।
হৃদয়ৰ ভেঁটিত বান্ধে আস্থা আৰু বিশ্বাসৰ সৌধ
স্নেহ আৰু মমতাৰ উত্তাপে দিয়ে জীৱনৰ বোধ।
অপ্ৰাপ্তিৰ ৰিক্ততাই জীৱনক কৰিব পাৰে জানো নিঃস্ব?
অথবা, কেৱল প্ৰাপ্তিৰ প্ৰাচুৰ্যই কৰিব পাৰেনে সমৃদ্ধ!
প্ৰাপ্তি-অপ্ৰাপ্তিনো কি? সেইয়াও যে নহয় ধ্ৰুৱক!
দুখ-সুখ, হাঁহি-অশ্ৰু, জীৱন সমীকৰণৰ অজ্ঞাত চলক।
স্ৰোতস্বিনী, প্ৰৱাহিনী, অন্য নাম জীৱন।
সত্য আৰু পথ – তাৰেই অন্বেষণ।
অন্তহীন আমাৰ অন্বেষণ, যাত্ৰা অন্তহীন,
জীৱন হেৰুৱাব নোখোজা আমি পথিক ক্লান্তিহীন।