–জুলি বৰা
এখন বাকেট লিষ্ট
এজন গাড়ীৰ মেকানিক। নাম কাৰ্টাৰ চেম্বাৰ্চ । ঘটনাক্ৰমে চেম্বাৰ্চে লগ পালে এডৱাৰ্ড ক’ল নামৰ এজন ব্যক্তিক। আচলতে পৰস্পৰৰ বাবেই অপৰিচিত এই দুই ব্যক্তিকে ভাগ্যচক্ৰই এখন হস্পিটেলৰ একেটা কোঠাতে মুখামুখি কৰালে। কাৰণ দুয়োৰে শৰীৰত থিতাপি লৈছিল দুৰাৰোগ্য কেন্সাৰ ৰোগে। পুঁজিপতি, ধনাঢ্য ব্যক্তি এডৱাৰ্ড ক’ল আৰু মেকানিক কাৰ্টাৰৰ মাজত আন একো কথাত অৱশ্যে সাদৃশ্য নাছিল। ইতিমধ্যে তেওঁলোকে জানিব পাৰিছিল তেওঁলোকৰ জীৱনৰ ঘড়ীটো স্তব্ধ হ’বলৈ বৰ বেছি সময় নাই। মাত্ৰ এই সাদৃশ্যই তেওঁলোক দুয়োজনকে কাষ চপাই আনিলে, যদিওবা ধনৱান এডৱাৰ্ড আৰু শ্ৰমজীৱী কাৰ্টাৰৰ জীৱন শৈলীৰ মাজত আছিল আকাশ-পাতাল পাৰ্থক্য।
এদিন জাবৰৰ দ’মৰ মাজত পৰিত্যক্ত এটুকুৰা কাগজে এডৱাৰ্ডৰ মনোযোগ আকৰ্ষণ কৰিলে। এই কাগজ টুকুৰা আছিল কাৰ্টাৰে প্ৰস্তুত কৰা এখন “বাকেট লিষ্ট”। যিহেতু সমাধিলৈ যোৱাৰ বাটেই প্ৰশস্ত হৈছিলেই, গতিকে সমাধিত চিৰদিনলৈ শুই পৰাৰ আগে আগে কৰিবলগীয়া বা কৰিব বিচৰা কামৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছিল কাৰ্টাৰে। এডৱাৰ্ডে এই তালিকাখনত মনৰ খোৰাক বিচাৰি পালে। কাৰ্টাৰৰ লিষ্টত এডৱাৰ্ডে সংযোগ কৰিলে নিজৰো অপূৰণ সপোন।

চিকিৎসালয়ৰ কোঠাৰ পৰা ওলাই আহি তেওঁলোকে আৰম্ভ কৰিলে এক যাত্ৰা। এই যাত্ৰা আছিল যেন বন্ধুত্বৰ, আৱিষ্কাৰৰ আৰু মুক্তিৰ যাত্ৰা। এডৱাৰ্ডে ঠিৰাং কৰিলে মৃত্যুৰ হিমশীতল কোলাত ঢলি পৰাৰ আগতে কোনবোৰ সপোন পূৰণ কৰি জীৱন সাৰ্থক কৰিব। জীৱনৰ যিকেইটি দিন হাতত আছে, সেই দিনকেইটিৰ এটি মুহুৰ্তও অপচয় কৰিব নোৱাৰি। স্কাইডাইভিঙৰ স্বপ্ন, সুমেৰুৰ আকাশমাৰ্গত উৰাৰ স্বপ্ন, আশ্চৰ্য তাজমহলৰ সমুখত ৰৈ সৌন্দৰ্য-সুধাপানৰ স্বপ্ন, সুউচ্চ এভাৰেষ্টত আৰোহণ কৰাৰ স্বপ্ন ইমানদিনে কেৱল স্বপ্ন হৈ মনগহনত আৱদ্ধ হৈ আছিল। কিন্তু জীৱনৰ শেষ সীমনাত ৰৈ এডৱাৰ্ডে অনুভৱ কৰিলে জীৱনৰ প্ৰতি এক সুতীব্ৰ আকৰ্ষণ। তিল তিলকৈ জীৱনৰ বাকী ক্ষণকেইটা জীয়াবলৈ তীব্ৰ ইচ্ছা জাগিল। সেয়েহে এডৱাৰ্ডে জীৱনৰ অন্তিম ক্ষণটোলৈকে সময়সীমা বান্ধিলে আৰু “বাকেট লিষ্ট”ত থকা সপোনবোৰ এটা এটাকৈ পূৰণ কৰাৰ পণ ল’লে। এনেকৈ তেওঁলোকে মৃত্যুক যেন ৰোধিব খুজিলে, তেওঁলোকে যেন জয়গান গালে জীৱনৰ। “বাকেট লিষ্ট”ত অন্তৰ্ভূক্ত হোৱা সকলো সপোন তেওঁলোকে পূৰণ কৰাত সফল হ’ল, সমাধিত শুই পৰাৰ আগতে। শেষ হ’ল তেওঁলোকৰ যাত্রা, যি যাত্ৰা আছিল আৱিষ্কাৰ আৰু মুক্তিৰ যাত্ৰা।
এই কাহিনী ২০০৭ চনতে বহুচৰ্চিত হোৱা, জনপ্ৰিয়তা অৰ্জন কৰা “The bucket list” নামৰ হলিউডৰ ছবিখনৰ।
মৃত্যু অৱধাৰিত। তথাপিও জীৱনৰ পথত বাট বুলোতে এই ছবিখনত দেখুওৱাৰ ধৰণে হয়তো সদৰ্থক জীৱনবোধেহে এজন ব্যক্তিৰ অৱধাৰিত মৃত্যুৰ চেতনাক জয় কৰিব পাৰে।
আপোনাৰো আছে নেকি এখন বাকেট লিষ্ট?

“বাকেট লিষ্ট” তৈয়াৰ কৰাৰ প্ৰয়োজন আছেনে ? ক্ষণভংগুৰ জীৱনক মানি, অনন্ত সময়-প্ৰৱাহত আমাৰ অস্তিত্বক ধৰি ৰখাৰ কিঞ্ছিত প্ৰচেষ্টা আমি কৰিব পাৰোঁ। কোনবোৰ কামৰ মাজেৰে আমাৰ অস্তিত্ব ঘোষণা কৰিব বিচাৰোঁ, তাৰ মাজতে প্ৰতিফলিত হয় আমাৰ মূল্যবোধ, জীৱনৰ উদ্দেশ্য। প্ৰকৃততে, বাকেট লিষ্টত আলোকিত হোৱা সপোনবোৰেই আমি।
লুম্বিনীয়ে যিদিনা তাইৰ চকুদুটা মৃত্যুৰ পাছত কোনোবা দৃষ্টিহীনক আলোকৰ সন্ধান দিবৰ বাবে চুক্তিৱদ্ধ হ’ল, সেইদিনা এক অনিবৰ্চনীয় উলাহত বুকুখন ভৰি থাকিল। ই আছিল লুম্বিনীৰ বাকেট লিষ্টৰ এটি সপোন।
শিখাৰ বাবে সংগীত এক অনিবাৰ্য তাড়না। সংগীত পেছা নহয়, সংগীত এক নিচা শিখাৰ বাবে। স্কুল, সংসাৰ, সন্তানৰ দায়িত্ব সামৰি যি যৎসামান্য সময় শিখাৰ হাতত বাকী থাকে, তাৰে সুৰীয়া সময় এখিনি কাষলৈ আনিব বিচাৰে। এটি অনন্য সুন্দৰ সংগীতানুষ্ঠান আৰু তাইৰ সহস্ৰাধিক অনুৰাগী–এই সপোন সাৱটি শিখা আগবাঢ়ে ভৱিষ্যতলৈ।
সুশান্তৰ দুচকুৰ সপোনবোৰ গৈ বাকেট লিষ্টত ওলমি ৰৈছে। দুটামান ল’ৰাছোৱালীক “প্ৰকৃতাৰ্থত মানুহ” কৰাৰ স্বপ্নৰ মাজত শিক্ষক সুশান্তৰ জীৱনবোধ প্ৰতিফলিত হৈছে। বিদ্যালয়ত কেতিয়াবা মিস্ত্ৰী, কেতিয়াবা মালী, কেতিয়াবা ৰান্ধনি, কেতিয়াবা চিত্ৰকৰ, কেতিয়াবা মেকানিক, কেতিয়াবা মনোৰোগ চিকিৎসক, কত কি ভাও দি মনৰ গোপন কোণত সাঁচি থৈছে গুপুত ভাৱনা, পুত্ৰবৎ ডাঙৰ কৰিব, মানুহ কৰিব কোনো ছাত্ৰক!
প্ৰীতিয়ে লিখে। সৃষ্টিশীলতাৰ মাজত প্ৰীতিয়ে প্ৰশান্তি বিচাৰি পায়। কেইখনমান কিতাপ প্ৰকাশ কৰি উলিওৱাৰ সপোনে দোলায়িত কৰি থাকে প্ৰীতিক। তাৰ বাবে সময় আৰু শ্ৰম দুয়োটাই বিনিয়োগ কৰিবলৈ প্ৰস্তুত প্ৰীতি। বাকেট লিষ্টৰ শীৰ্ষত থকা সপোনটোৱেই হ’ল নিজৰ গল্পবোৰৰ এখন সংকলন প্ৰকাশ কৰা।
অফিচৰ ব্যস্ততা, তিক্ততাবোৰৰ পৰা নিজকে মুক্ত কৰিবলৈকে প্ৰাঞ্জলে ৰং, তুলিকা হাতত লয়। এই অভ্যাসে লাহে লাহে প্ৰাঞ্জলক সপোন দেখাৰ সামৰ্থ্য গঢ়িলে। সৰু ইচ্ছা কিছুমানে খোপনি ল’লে। নিজে অঁকা ছবিবোৰৰ এখনি প্ৰদৰ্শনী কৰিব, চিত্ৰৰসিকসকলৰ সমাদৰ পাব, প্ৰাঞ্জলৰ এই সপোন গৈ ইতিমধ্যে বাকেট লিষ্টত ওলমি ৰ’ল।
সুদৃশ্য ঘৰ, বিলাসী গাড়ী, সুন্দৰী নাৰীৰ প্ৰেম লাভ ইত্যাদি অলেখ সপোনে ব্যক্তিবিশেষক উদ্বাউল কৰে, এটা সপোন পূৰ হয়, আন এক সপোনে অন্তৰত ঠাই উলিয়াই লয়, স্থবিৰ হ’ব খোজা জীৱনক আকৌ ত্বৰাণিত কৰে। সপোনে কোনো খেলুৱৈক বিশ্ববাসীৰ সমুখত সফলতম খেলুৱৈ ৰূপে প্ৰতিষ্ঠিত কৰাব পাৰে, জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰাব পাৰে। সপোনে সৃষ্টি কৰে কোনো বিশ্ববন্দিত শিল্পী-সাহিত্যিক, ৰাজনৈতিক নেতা, কিম্বদন্তী যুগদ্ৰষ্টা, নতুবা কোনো খলনায়কৰো।
সপোনৰ যাত্ৰা মসৃণ নহয় :
হেজাৰবাৰৰ ব্যৰ্থতাতো টমাছ আলভা এডিছন আছিল অবিচলিত । কাৰণ ইয়াক তেওঁ ব্যৰ্থতা বুলি ভবাই নাছিল। তেওঁৰ মতে ই আছিল এহেজাৰ এক নম্বৰ বাৰৰ প্ৰচেষ্টাক সফলৰূপ দিবলৈ প্ৰয়োজন হোৱা প্ৰচেষ্টাৰ অংশ মাত্ৰ। এইয়াই আছিল স্বপ্নাতুৰ এডিছন। ইলেকট্ৰিক বাল্ব বাস্তৱত দীপ্তিমান হোৱাৰ আগতে দীপ্তিমান হৈছিল এডিছনৰ দুচকুৰ স্বপ্নত।
আব্ৰাহাম লিংকনে সন্মুখীন হোৱা উপৰ্য্যুপৰি ব্যৰ্থতাক অভিহিত কৰা হৈছিল “পৰাজয়ৰ শোভাযাত্ৰা “। পৰাজয়ৰ শোভাযাত্ৰাত চামিল হৈও আব্ৰাহাম লিংকনে হৃদয়ত কঢ়িয়াই ফুৰিছিল বিজয়ৰ স্বপ্ন। এজন অতি সাধাৰণ মানুহৰ দৰে থাকিও লিংকন হ’ব পৰিছিল অসাধাৰণ, তেওঁ দেখা অসামান্য সপোনবোৰেই তেওঁক এদিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পদত অভিষিক্ত কৰিছিল।
আৰু স্বপ্নদ্ৰষ্টা যাদৱ পায়েং! অকলেই এখন অৰণ্য সৃষ্টি কৰিব পৰা মানুহজন কিমান স্বপ্নাতুৰ হ’ব লাগিব ? অথচ, অনেক জীৱ-জন্তু, পক্ষী-পশুৰ আশ্ৰয়স্থল এটি গঢ়ি দিয়াৰ বিনিময়ত মুলাই নামৰ প্ৰকৃতিপ্ৰেমী মানুহজনে পাইছিল হত্যাৰ ভাবুকি। চোৰাংচিকাৰীৰ বিৰুদ্ধেও দিবলগীয়া হৈছিল নিৰন্তৰ যুদ্ধ। কিন্ত, “মুলাই কাঠনি” আছিল যাদৱ পায়েঙৰ আবেগ; পৃথিৱীৰ খুব কম মানুহে দেখা এটি বিৰল সপোন।

দুৰন্ত সপোনবোৰ নেপোলিয়নৰ বাবে আছিল আত্মাৰ আহাৰ। পাখি মেলা সপোনৰ পিছে পিছে দৌৰিছিল বিশ্ব ইতিহাসত তোলপাৰ লগোৱা ফ্ৰান্সৰ সেনাপতি নেপোলিয়ন বোনাপাৰ্ট। সপোনৰ পিছত দৌৰি ক্লান্ত নোহোৱা, গোটেই পৃথিৱীখনকে জয় কৰিব খোজা সেনাধিনায়কজনে নিজৰ অভিধানৰ পৰাই “অসম্ভৱ”, “বিশ্ৰাম” আদি শব্দবোৰ আঁতৰাই পেলাইছিল।
প্ৰকৃততেই সপোনৰ যাত্ৰাৰ শেষ নাই, বিশ্ৰাম নাই। সেইবাবেই সপোনৰ পম খেদি খেদি কোনোজন হৈছে ৰূপকথাৰ নায়ক, কোনোজন পৰ্যবসিত হৈছে খলনায়কলৈ। এমিলি ডিকিনছনে কোৱাৰ দৰে আশাৰ মাজতেই আছে পাখিমেলা সপোন। Hope is the thing with feathers that perches in the soul and sings the tune without the words and never stops at all. এই পাখিমেলা সপোনে আত্মাত বাহৰ পাতে আৰু আৱহ সংগীত হৈ বাজি থাকে চিৰজীৱন।
জুলি বৰাৰ অন্য এক ৰচনা পঢ়িবৰ বাবে ইয়াত ক্লিক কৰিব পাৰে।
Image credit:
1) Photo by Stanislav Kondratiev on Pexels.com
2) Photo by picjumbo.com on Pexels.com
3) Photo by Pixabay on Pexels.com


জুলি মেম, আপোনাৰ লিখনিয়ে মনটো স্কুলীয়া দিনলৈ উৰুৱাই নিলে। কথাবোৰ যেন মই পঢ়ি থকা নাই, আপুনি ক্লাছৰুমত কৈহে আছে! আপোনাৰ মুখখন আৰু মাতটো চকুৰ আগত ভাহি উঠিল।
আপোনাৰ প্ৰাক্তন ছাত্ৰী
গোলাঘাট জাতীয় বিদ্যালয়
তোমাৰ মন্তব্যই খুব সুখী কৰিলে চিন্ময়ী।