photo of boy video calling with a woman

ভাৰ্ছুৱেল ক্লাছৰুম বনাম পৰম্পৰাগত শ্ৰেণী কোঠা

জুলি বৰা


ব’ষ্টন ইউনিভাৰ্চিটিৰ বায়’কেমিষ্ট্ৰিৰ প্ৰফেছৰ Issac Asimov আছিল এজন আমেৰিকান লেখক। তেখেতে কল্পবিজ্ঞান কাহিনীৰ লেখক হিচাপে পৰিচিতি লাভ কৰিছিল ষাঠিৰ দশকতে। 1951 চনতে শিশুৰ বাবে প্ৰকাশিত এখন কাকতত এটা কল্প বিজ্ঞান কাহিনী ৰূপে প্ৰকাশিত হৈছিল Asimov ৰ এটা গল্প – ‘The fun they had’ । গল্পৰ সময়— দূৰ ভৱিষ্যতৰ এটা দিন, 2157 চনৰ 17 মে’। সেই দিনটোতে দুটি কিশোৰ-কিশোৰী– মাৰ্গি আৰু টমীয়ে ঘৰৰ পুৰণি বস্তু থোৱা এটা কোঠাত আৱিষ্কাৰ কৰিছিল এখন ছপা কিতাপ— printed book, যিখন কিতাপ সিহঁতৰ বাবে আছিল তেনেই আচহুৱা। এনেকুৱা ছপাপুথিৰ লগত সিহঁত পূৰ্বে পৰিচিত নাছিল। কেৱল টমীৰ মনত পৰিছিল তাৰ ককাকে কোৱা এটা কথা– তাৰ ককাক হেনো সৰু হৈ থাকোঁতে তেখেতৰ ককাকে ছপাকিতাপ ব্যৱহাৰ কৰিছিল। গতিকে, এনে আচহুৱা আজৱ ছপাকিতাপ এখন পোৱাৰ কথাটো মাৰ্গিয়ে তাইৰ ডায়েৰীৰ 2157 চনৰ 17 মে’ তাৰিখটোত লিপিৱদ্ধ কৰিছিল।

photo of girl reading book
কিতাপ পঢ়াৰ আনন্দ


2157 চন। মাৰ্গি আৰু টমীৰ বাবে ছপাকিতাপখন এক আশ্চৰ্য। দুয়োটাই ছপাকিতাপখন লৈ লুটিয়াই-বগৰাই চালে। আশ্চৰ্যত চকু বহল হ’ল–কিতাপৰ আখৰবোৰ দেখোন স্থিৰ, সিহঁতে কম্পিউটাৰ স্ক্ৰীণত দেখাৰ দৰে চলমান নহয়। আশ্চৰ্যৰ ইমানতে অন্ত পৰা নাছিল। কিতাপখনৰ বিষয়বস্তুৱেও সিহঁতক আচৰিত কৰিছিল, কাৰণ কিতাপখনত ‘স্কুল’ৰ বিষয়ে লিখা হৈছিল। মাৰ্গি বিস্মিত হৈছিল স্কুলৰ বিষয়ে কিতাপত লিখিব লগীয়াকৈ কি কথানো থাকিব পাৰে। মাৰ্গিৰ বাবে স্কুল মানে আছিল অনাকৰ্ষণীয় এক অভিজ্ঞতা। স্কুল মানে তাইৰ বেডৰুমৰ কাষৰ এটা কোঠা। এজন যান্ত্ৰিক শিক্ষক। নিৰ্দিষ্ট সময়ত মাকে যান্ত্ৰিক শিক্ষকৰ চুইছ টিপি সক্ৰিয় কৰি দিয়ে আৰু আৰম্ভ হয় তাইৰ শিকন প্ৰক্ৰিয়া। যান্ত্ৰিক ভাৱে পাঠ শিকোৱা, হ’মৱৰ্ক দিয়া, পৰীক্ষা লোৱা– এনে যান্ত্ৰিকতাৰ মাজত মাৰ্গি অতীষ্ঠ; সৰ্বোপৰি ভূগোলৰ পৰীক্ষাত উপৰ্যুপৰি ফেইল কৰি মাৰ্গিৰ বাবে স্কুলৰ অভিজ্ঞতা বিভীষিকা। তাৰ বিপৰীতে পুৰণি দিনৰ স্কুল-ব্যৱস্হাৰ বিষয়ে সিহঁতে কিতাপখনৰ পৰা যিবোৰ কথা জানিলে, সেইবোৰ কথাই মাৰ্গিক বিস্ময়-বিমুগ্ধ কৰিলে। শিক্ষকসকল তেজ-মঙহৰ মানুহ। স্কুল বুলিলে এটা নিৰ্দিষ্ট ঘৰ। এটা মুকলি চৌহদ। সম-বয়সৰ ল’ৰা-ছোৱালীয়ে একে কোঠাত একে পাঠ পঢ়ে। হ’মৱৰ্ক কৰাত ইটোৱে সিটোক সহায় কৰে। খেলে, ধেমালি কৰে। একেটা চুবুৰীৰ সকলো ল’ৰা-ছোৱালী স্কুললৈ যায় একেলগে–এই কথাবোৰে মাৰ্গিক বেচ ৰোমাঞ্চিত কৰিলে।

group of people taking photo
শৈশৱৰ আনন্দ: সহপাঠীৰ মধুৰ সংগ

Issac Asimov ৰ কল্পনা-প্ৰসূত ভৱিষ্যতৰ স্কুলখন 2157 চনৰ । কিন্তু 2157 চন পাবলৈ কিছু দূৰ থাকোঁতেই পৃথিৱীৰ ভৱিষ্যত স্কুলখনে যেন আত্মপ্ৰকাশ কৰিলে। মানৱসৃষ্ট যান্ত্ৰিক পৃথিৱীৰ চমকপ্ৰদ দ্ৰুত গতিয়েই যেন ইয়াৰ বাবে দায়ী। দ্ৰুতৰ পৰা দ্ৰুততৰ গতিৰে আগবাঢ়ি যোৱা পৃথিৱীৰ বাবে প্ৰয়োজন হৈছিল যেন এটা গতিৰোধকৰ। বিশ্বত্ৰাস এই অতিমাৰীয়ে নিশ্চয়কৈ এটা গতিৰোধক হৈ থিয় দিলেহি। ৰূদ্ধ হ’ল জীৱন, ৰূদ্ধ হ’ল সমাজ। ৰূদ্ধ হ’ল পৰম্পৰাগত শ্ৰেণী কোঠা। পৰম্পৰাগত শিকন-শিক্ষণ প্ৰক্ৰিয়া স্থবিৰ হোৱাৰ উপক্ৰম হ’ল। আৰু তেতিয়াই ভাৰ্ছুৱেল ক্লাছৰুম অনিবাৰ্য হ’ল।


এফালে ক’ভিদ সংক্ৰমণত বিপৰ্যস্ত জীৱন, আনফালে জীৱনক জীৱনমুখী কৰাৰ নিৰন্তৰ প্ৰচেষ্টা। বিশ্বগোলকৰ লক্ষ-লক্ষ শিশু আৰু কিশোৰৰ গৃহাৱদ্ধ শৈক্ষিক পৰিক্ৰমাৰ অৱধাৰিত ভাৱে সংগী হ’বলৈ বাধ্য হৈছে ইলেক্ট্ৰনিক সামগ্ৰী সমূহ। কম্পিউটাৰ বা মোবাইল ফোনত জিলিকি উঠা শিক্ষক-শিক্ষয়িত্ৰীৰ ছবি, কেতিয়াবা তেওঁলোকৰ কেৱল মাত্ৰ কণ্ঠস্বৰ শুনি শিক্ষাৰ্থী সকলে নিৰ্দেশ পালন কৰিব লগা হৈছে। আকৌ, কেতিয়াবা শিক্ষক সমাজে শিক্ষাৰ্থী সকলৰ তাৎক্ষণিক সঁহাৰি অবিহনেই শিকন প্ৰক্ৰিয়াত অগ্ৰসৰ হ’ব লগা হৈছে। অৱশ্যে, এনে সীমাৱদ্ধতা আঁতৰাই অনলাইন শিক্ষা প্ৰদান অধিক ফলপ্ৰসূ আৰু মনোগ্ৰাহী কৰিবলৈ নতুন নতুন ‘এপ্লিকেশ্বন’ ব্যৱস্থা ওলায়েই আছে। এনে ব্যৱস্থা সমূহত সঞ্চয় হৈ থকা পাঠসমূহ পুনঃ পুনঃ অধ্যয়ন কৰাৰ আৰু চোৱাৰ সুবিধা থকাৰ বাবে অনলাইন শিক্ষা ছাত্ৰ-ছাত্ৰীৰ বাবে সুবিধাজনক।

african american boy sitting in chair and crying
একাকীত্ব?

সময়ৰ পৰিৱৰ্তন আৰু বিৱৰ্তনত মানৱ সভ্যতাই অনেক পাইছে আৰু অনেক হেৰুৱাই পেলাইছে। ভৱিষ্যতৰ স্কুল , শিক্ষানুষ্ঠানসমূহো কি ৰূপত বৰ্তি থাকিব, সেয়া সময়ে নিৰ্ধাৰণ কৰিব। লগতে ভৱিষ্যতৰ শিক্ষকৰ ভূমিকা কি হ’ব, সেই প্ৰশ্নৰ উত্তৰো হয়তো সময়ৰ হাতত।


এসময়ৰ ইংৰাজী সাহিত্যৰ ছাত্ৰী আৰু বৰ্তমান পেছাত শিক্ষয়িত্ৰী জুলি বৰা গোলাঘাট জিলাৰ ৰাইডিঙীয়া গাঁৱৰ বাসিন্দা। তেওঁৰ সাহিত্যকৰ্মসমূহ বুদ্ধিদীপ্ত মননশীলতাৰ লগতে অনুভূতিৰ ব্যঞ্জনাৰে সমৃদ্ধ। ত্ৰিকালত প্ৰকাশিত তেওঁৰ অন্য লেখা পঢ়ক — ইয়াত

1 Comment

  1. […] বৰাৰ অন্য এক ৰচনা পঢ়িবৰ বাবে ইয়াত ক্লিক কৰিব […]

Please encourage the author with your valuable comment