–সুশান্ত বৰ্মন
বস্তাটো দাঙিব নোৱাৰি ছোৱালীজনীয়ে ইফালে সিফালে চালে। ৰাস্তাটোত অজস্ৰ বাহনৰ যান্ত্ৰিক অবিৰত স্ৰোত। সকলো ব্যস্ত। সময়ৰ আগত যোৱাৰ যেন অঘোষিত প্ৰতিযোগিতা। আনকি ফুটপাথেৰে খোজকাঢ়ি যোৱাবোৰৰো কাৰো ফালে চোৱাৰ সময় নাই। কোনোবাই যদি ফোনত কথা পাতি গৈছে, কোনোবাই লগৰ জন/জনীৰ লগত মচগুল হৈ গৈছে। অকলশৰে যোৱা কেইজনে আকৌ কাষেৰে যোৱা মটৰ গাড়ীবোৰতকৈ আগত যোৱাৰ পণ লৈছে। মুঠতে ব্যস্ত মহানগৰীত ব্যস্ত মানুহ। ছোৱালীজনীয়ে কোনো আশা নেদেখিলে। আকৌ এবাৰ চেষ্টা এটা চলালে তাই বস্তাটো দাঙি ৰাস্তাৰ দাঁতিলৈ উঠাই আনিবলৈ; নোৱাৰিলে। বস্তাটোৰ আয়তন ছোৱালীজনীৰ তুলনাত বহুগুণেই বেছি, সেইয়া দেখিলেই স্পষ্ট হয়। অৱশ্যে ভিতৰত প্লাষ্টিকৰ বটল, টেমা, টিং আদিহে থকা যেন লাগে। ভদ্ৰ মহানগৰীৰ ভদ্ৰ মানুহে লেতেৰা কৰা ঠাইবোৰ চাফা কৰাৰ দায়িত্ব সিহঁতৰ। অৱশ্যে ইয়াৰ দ্বাৰাই দিনটোৰ অন্নমুঠিও যোগাৰ হৈ যায় সিহঁতৰ।
বেলি লহিয়াই আহিছে। নদীখনৰ সিটো পাৰে সূৰ্যটোৱে ইতিমধ্যেই বিদায় লৈছে যদিও আকাশত ৰঙা পোহৰ এখিনি যেন ছটিয়াই থৈ গৈছে। এইবাৰ ছোৱালীজনী বেছ চিন্তিত হৈ পৰা যেন লাগিল। আকৌ ইফালে সিফালে এবাৰ চালে– একেই ; ব্যস্ত মহানগৰী। ৰাস্তাৰ বিপৰীত দিশৰ পৰা ভাগৰুৱা খোজৰ ঠেলাৱালা এজন আহি থকা দেখিবলৈ পালে তাই। তাইৰ মুখখন কিছু আভাষিত হ’ল। ঠেলাৱালাজন আহি ওচৰ পালেহি; তাই আগুৱাই গ’ল। কিছুসময়ৰ কথোপকথন দুয়োৰে মাজত। তাৰপাছত দুয়ো লগলাগি বস্তাটো উঠালে। ঠেলাখনৰ এটা চুকত ছোৱালীজনীকো বহুৱাই ল’লে মানুহজনে আৰু লাহে লাহে আগবাঢ়ি গ’ল। বেলিটো ইতিমধ্যেই ডুব গৈছিল। সিটো ফালৰ পৰা অহা বিলাসী গাড়ী এখনৰ খিৰিকীৰ কাঁচখন সামান্য নমাই কোনোবা ভদ্ৰ ব্যক্তি এজনে প্লাষ্টিকৰ পানীৰ বটল এটা ৰাস্তাৰ ওপৰতেই পেলাই থৈ গ’ল …!!!