–ছৈয়দা খাজিনা ৰহমত
এটা মৰ্মান্তিক দুৰ্ঘটনা
যোৱা ২০ অক্টোবৰৰ দিনা নগাঁও জিলাৰ মিচাত সংঘটিত হোৱা ৬ বছৰীয়া কন্যা শিশুৰ নৃশংস হত্যাই আমাক কেৱল দুখ দিয়াই নহয়, বহু চিন্তাৰে আমাক ভাৰাক্ৰান্ত কৰি তুলিলে । পৃথিৱীত নিতৌ কিমান হত্যাকাণ্ড হয় তাৰ হিচাপ নাই, কিন্তু এইটো হত্যাকাণ্ডৰ হত্যাকাৰীৰ বয়সে আমাক আচৰিত কৰি তুলিলে । দুটা ১১ বছৰীয়া আৰু এটি ৮ বছৰীয়া শিশুৱে হত্যা কৰিলে ৬ বছৰীয়া কন্যা শিশুটিক। কাৰণ : যৌন সংক্ৰান্তীয়।
যদিহে কিবা কাৰণত অজানিতে সিহঁতে এনে ঘটনা সংঘটিত কৰিলেহেঁতেন, তেনে ক্ষেত্ৰত আমাৰ দুখ লগিলহেঁতেন যদিও ইমান চিন্তিত নহ’লোহেঁতেন । কিন্তু কোনেও কল্পনা কৰিব নোৱাৰা সেই কৈশোৰৰ দুৱাৰদলিত থকা ল’ৰাকেইটাৰ এই বিকৃত মানসিকতাই আমাৰ ভৱিষ্যত প্ৰজন্মৰ এখন ক’লা ছবি ডাঙি ধৰিছে। প্ৰতিজন সচেতন ব্যক্তিৰ অন্তৰাত্মাক গভীৰ আশংকাই জুমুৰি দি থাকিবলৈ ইয়াতকৈ উদ্বেগজনক ঘটনা কি হ’ব পাৰে ? কোনে জানে অদূৰ ভৱিষ্যতে আৰু কিমান এনে ঘটনা ঘটিবলৈ গৈ আছে !
শিশুৰ অপৰাধ: সম্ভাৱ্য কাৰকসমূহ
ফুলকুমলীয়া শিশুৰো এনে জঘন্য অপৰাধ কৰিব পৰা মানসিকতা সৃষ্টিৰ আঁৰত থকা কাৰণ কি আমি জানিবলৈ চেষ্টা কৰিব লাগিব, যাতে ভৱিষ্যতে এখন সুস্থ সমাজ আমি লাভ কৰিব পাৰোঁ। এই ঘটনাটোৰ ক্ষেত্ৰত পোহৰলৈ আহিছে যে কণমানি অপৰাধীকেইটাই মোবাইলত যৌন সংক্ৰান্তীয় ভিডিও যথেষ্ট পৰিমাণে চাইছিল। ইয়াৰ বাবে কেৱল সেই ল’ৰাকেইটাই জগৰীয়া নে ? ভালদৰে বিশ্লেষণ কৰি চালে বহুকেইটা কাৰক ইয়াৰ লগত জড়িত হৈ থকা আমি দেখা পাম।
১) শাৰীৰিক কাৰ্য-কলাপৰ অভাৱ: কৰবাত পঢ়িছিলোঁ, জন্মতে সকলো মানুহ হেনো বৰ্বৰ হৈয়ে জন্মে। সু্যোগ পালেই এই সুুুপ্ত বৰ্বৰতাই বিকট ৰূপ ধাৰণ কৰে। পৰ্যাপ্ত শাৰীৰিক কাৰ্য-কলাপ, খেলা-ধূূূলাৰ যোগেৰে শিশু অৱস্থাত এই বৰ্বৰতাই নিয়ন্ত্ৰিত ৰূপত বহিৰ্গমনৰ পথ বিচাৰি পায়। কিন্তু আজিকালি ল’ৰা-ছোৱালীবোৰে দৌৰি-ঢাপলি খুব কমেই খেলে । মোবাইল, কম্পিউটাৰত গেম খেলিয়েই খেলৰ আনন্দ লভে। ফলস্বৰূপে মনৰ মাজত কিছু বর্বৰতা থাকিয়েই যায় নেকি, যি সুযোগ পালে বৰ্বৰ ৰূপ ধাৰণ কৰি ওলাই আহে। কিন্তু ইয়াৰ বাবে জানো কেৱল এই ল’ৰা-ছোৱালীবোৰেই জগৰীয়া ?
২) প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰ: আজিৰ প্ৰজন্মৰ তথ্য- প্ৰযুক্তিৰ দান মোবাইল- কম্পিউটাৰৰ প্ৰতি তীব্ৰ আসক্তিৰ বাবে সঁচা অৰ্থত বহু বেছি গুণ জগৰীয়া তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱকসকল। তেওঁলোকে নিজৰ সন্তানক মোবাইল, কম্পিউটাৰতে বেছি সময় নকটাই মাজে-সময়ে বাহিৰত গৈ খেলাৰ উপদেশ দিব নোৱাৰে জানো ? যদি খেলিবলৈ ওচৰত মুকলি ঠাই নাথাকে, তেতিয়া তেওঁলোকৰ লগতে যদি পাৰে কিবা খেলি সময় কটাব পাৰে; নাইবা যদি সম্ভৱ ওচৰৰ কোনো পাৰ্ক বা কোনো মুকলি পথাৰলৈ লৈ গৈ সিহঁতক মুকলি মনেৰে দৌৰি-খেলি উমলিবলৈতো নিশ্চয় দিব পাৰে। হয়, ইয়াকে কৰিবলৈ যাওঁতে পিতৃ-মাতৃসকলে কিছু সময় সন্তানক দিব লাগিব। অন্যথা নিজৰ ব্যস্ততাৰ দোহাই দি সন্তানক কেৱল মোবাইল কম্পিউটাৰ এৰি দিয়াটো এটা মাৰাত্মক ভুল হ’ব।
৩) সামাজিক যোগাযোগৰ শিক্ষাৰ অভাৱ: আজিকালি শিশুহঁতৰ কাকো মাত এষাৰ দিয়াৰ সময় নাথাকে। স্কুল, নাচ, গান, আৰ্ট স্কুল আদিৰ ব্যস্ততাৰ অন্তত যি অকণমান সময় থাকে, সেইকণো মোবাইল, কম্পিউটাৰে দখল কৰে। তেনে স্থলত ওচৰ-চুবুৰীয়া বা আপোন-পৰিয়ালৰ লগত কিছু সময় কটোৱাৰ সুযোগ নাথাকে। সন্দেহ নাই নাচ, গান আদিয়ে দেহ-মন দুয়োৰে উৎকৰ্ষ সাধন কৰে, কিন্তু এইবোৰৰ সমান্তৰালভাৱে পৰিৱেশ-পৰিস্থিতিৰ লগত যাতে সিহঁত খাপ খাব পাৰে তাৰ বাবে ওচৰ চুবুৰীয়া, আপোন পৰিয়ালৰ লগত কিছু সময় কটাবলৈও দিব লাগে। নহলে শিশুৰ ব্যক্তিত্বৰ সৰ্বাংগীন বিকাশ সম্ভৱ নহয়।

অপৰাধ প্ৰৱণতাৰ পৰা কেনেকৈ শিশুটিক আঁতৰত ৰাখিব
কৈশোৰ বা কৈশোৰৰ দুৱাৰ দলিত উপনীত সন্তানক পিতৃ-মাতৃয়ে বিশেষ নজৰ দিয়াটো খুবেই জৰুৰী। কাৰণ এই সময়ছোৱাত মানুহৰ মনৰ মাজত এক ভীষণ হাহাকাৰ লাগি থাকে। সেয়ে এই কালছোৱাক “The stage of stress and strom” বুলি কোৱা হয়। সিহঁতক কোনো এক সৃষ্টিশীল কামত লগাব লাগে যিটো সিহঁতৰ পছন্দৰ হয়। ফলস্বৰূপে সিহঁতৰ মনৰ মাজৰ pentup feelings-বোৰ ওলায় যাব, যাৰ ফলত সিহঁত মানসিক ভাবে সুস্থিৰ হৈ পৰিব। এক সুন্দৰ ভৱিষ্যৎ গঢ় লোৱাত সহায় হ’ব। পিতৃ-মাতৃ এইখিনিতে সজাগ হোৱাৰ সময় আহি পৰে। কাৰণ তেওঁলোকৰ সন্তানে কি কি কাম কৰি ভাল পায় আৰু তাৰে ভিতৰৰ কোনবোৰ কামে সিহঁতৰ মনৰ pentup feelings বোৰ নোহোৱা কৰিব, সেইটো খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব।
পিতৃ-মাতৃৰ ডাঙৰ চাকৰি, হাই প্ৰফাইল লাইফষ্টাইল আদিয়ে কিশোৰ সন্তানৰ বিপথগামিতাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। পিতৃ-মাতৃৰ ব্যস্ততাৰ সুযোগ লৈ সন্তানে কিমান বিপদজনক কাম কৰিব পাৰে, সেইয়া কেতিয়াবা কল্পনা কৰাও টান হৈ পৰে। তেনে পিতৃ-মাতৃয়ে সন্তানৰ দৃষ্টিৰে নিজৰ জীৱনটো চাই সিহঁতৰ বাবে কিছু সময় উলিয়াব পাৰিলে নিশ্চয় সুফল লাভ কৰিব। এনে কিছু পিতৃ-মাতৃও আছে, যি তেওঁলোকৰ সন্তানৰ পঢ়া শুনা বা আন বহু কথাৰ বিষয়ে একো নুবুজে। তথাপি পিতৃ-মাতৃ, অভিভাৱক হিচাপে— তহঁতে কি কৰিছনো চাওঁচোন বুলি, এইটো কাম ভাল, এইটো কথা বেয়া— সেয়া নিশ্চয় ক’ব পাৰে।
এইখিনিতে ওপৰত উল্লেখিত ঘটনাটোৰ কাৰক আন এটা হোৱাৰো বহুতো থল আছে। কোভিদসৃষ্ট পৰিৱেশ আমাৰ সকলোৰে বাবে অভিশাপ স্বৰূপ হৈ পৰিছে। আমাৰ সন্তান বিদ্যালয়ৰ মুকলি পৰিৱেশৰ পৰা আঁতৰি ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিল। আৰম্ভ হ’ল– ‘অনলাইন ক্লাছ’। কণ কণ ছাত্ৰ ছাত্ৰীৰ হাতত বিনাদ্বিধাই জ্যেষ্ঠজনে অৰ্পণ কৰিলে স্মাৰ্ট ফোন। আৰ্থিকভাৱে দৈন্যসকল হতাশ হৈ পৰিল। সন্তানৰ মনৰ দুখ চাই থাকিব নোৱাৰি বহুতো পিতৃ-মাতৃয়ে কেনেকৈ এটা ফোনৰ যোগাৰ কৰিব পাৰি তাৰে চিন্তাত পৰিল। মোবাইল একোটা কথমপি যোগাৰ কৰি দি এই সকলো অভিভাৱক নিচিন্ত হৈ পৰিল সন্তানৰ পঢ়া শুনা এতিয়া ভালদৰেই হৈ থাকিব বুলি। কিন্তু বিদ্যালয়ৰ শিক্ষকে জানো সকলো সময়তে পাঠদান কৰে? এনে বহু ছাত্ৰ-ছাত্ৰী আছে যি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কেৱল ক্লাছ কৰিছোঁ বুলি ঘৰৰ মানুহক আভুৱা ভৰি স্মাৰ্ট ফোনৰ অসৎ ব্যৱহাৰ কৰি আহিছে। এনেকুৱা পৰিস্থিতিৰ কথা অভিভাৱকসকলে কল্পনাই নকৰে। কাৰণ নিজৰ সন্তানৰ কথা বেয়াকৈ ভাবিবলৈ কোনো পিতৃ- মাতৃৰ মন নাযায়। ইন্টাৰনেটৰ জৰিয়তে হাতৰ টিপতে পৃথিৱী ঢুকি পোৱা যেন হৈ এই শিশু-কিশোৰবোৰ অকালপক্ক হৈ পৰে। কিন্তু যিহেতু এনে বয়সত ভুল-শুদ্ধ সিদ্ধান্ত লোৱা খুব সহজ নহয়, সেয়ে সিহঁত আবেগত উটি গৈ যিকোনো কামেই কৰিব পাৰে। সেয়ে আজিকালি অভিভাৱকৰ দায়িত্ব যথেষ্ট বেছি হৈ পৰিছে।
সর্বোপৰি এক শান্তিপূৰ্ণ সুস্থ বাতাবৰণ থকা ঘৰ এখনত শাৰীৰিক মানসিক ভাৱে সুস্থ সবল সন্তান গঢ়ি উঠাৰ সম্ভাৱনা থাকে। সেয়ে প্ৰত্যেকেই নিজৰ ঘৰখনৰ পৰিৱেশ সুন্দৰ কৰি তুলি ভবিষ্যতৰ সমাজ তথা পৃথিৱীখন সুন্দৰ কৰি তোলাৰ চেষ্টা কৰিব লাগে।
লেখিকা ছৈয়দা খাজিনা ৰহমত পেছাত এগৰাকী শিক্ষয়িত্ৰী। বৰ্তমান তেওঁ গোলাঘাট জিলাৰ কছাৰীহাটৰ নিবাসী।