silhouette of person holding sparkler digital wallpaepr

সহস্ৰ গাঁঠিৰ বান্ধ

—জয়দীপ নাৰায়ণ দেব

আইতাই ক’লে,
মাটিত লেপেটা কাঢ়ি বহি থকা মোৰ ছাঁটো
সাইলাখ দেউতাৰ দৰে।
পানীযুঁৱলিত কক্-বকাই মৰা তেওঁৰ শৈশৱটোও বোলে
মোৰ দৰেই আছিল।

খুৰাই ক’লে,
বৰশীৰ ডৰীত সোণবৰীয়াল ঘঁহি নিদিলে
পুঙাত মৰা শ উটি আহে কালিকা পুখুৰীত।
যোৱা বেলি ভৰ বাৰিষাত মাছৰ উজান আহিছিল,
ঘৰৰ চোতালত শবোৰে গা শুকুৱাইছিল।

আখলৰ কথা, জুহালৰ কথা…
কথাৰ পাগত কথা চৰে
আইতাই চৰু জোৰে,
বিষদাঁত খুলি বহে গছৰ ডালবোৰে।

modern art

Joydeep Narayan Deb can be reached at joydeepnarayandeb06@gmail.com.

Please encourage the author with your valuable comment