black and white card on brown table

বলিউড,  বিভিন্ন উদ নে ভাৰতীয় চলচ্চিত্ৰ

ভাৰতীয় চলচ্চিত্ৰৰ পৰিচয়

জানি-শুনিয়েই হওক অথবা অজানিতেই হওক, চলচ্চিত্রৰসিকসকলে ভাৰতৰ চলচ্চিত্রসমূহক দুটা প্ৰধান ভাগত ভগাই আহিছিল। এটা ভাগ হ’ল মুম্বাইকেন্দ্ৰিক চলচ্চিত্র উদ্যোগটোৰ পৰা নিৰ্মাণ হোৱা হিন্দী ভাষাৰ ছবিসমূহ, যাক আমেৰিকাৰ হলিউদৰ অনুকৰণত বলিউড বুলি কোৱা হয়; আৰু আনটো ভাগ হ’ল সামগ্রিকভাৱে বিভিন্ন ৰাজ্যৰ নিজস্ব ভাষাত নিৰ্মিত ছবিসমূহ। ইয়াৰ পিছৰ ভাগটোক সৰ্বভাৰতীয় প্ৰেক্ষাপটত একেডাল বন্ধনীৰ ভিতৰত সোমোৱাই আঞ্চলিক ভাষাৰ ছবিবোৰ বুলি কৈ থোৱা হয়।

silhouette of man holding camera

এনে হোৱাৰ অৱশ্যে কিছু কাৰণ নথকা নহয়। মুম্বাইৰ চলচ্চিত্র উদ্যোগটোত বিনিয়োগ হোৱা বিপুল পৰিমাণৰ ধন, ইয়াত গঢ় লৈ উঠা শক্তিশালী ব্যৱসায়িক পৰিকাঠামো, দক্ষিণ ভাৰতক বাদ দি কম-বেছি পৰিমাণে ভাৰতৰ অন্যান্য অংশত হিন্দী ভাষাৰ প্ৰচলন আদি কাৰণত ইয়াত নিৰ্মাণ হোৱা ছবিবোৰৰ দৰ্শকৰ পৰিমাণ সৰ্বাধিক। ইয়াৰ বিপৰীতে ভাষা- সংস্কৃতিৰ সীমিত পৰিসৰ, মূলধন আৰু প্ৰযুক্তিৰ সীমাৱদ্ধতাৰ বাবে অন্যান্য ভাষাৰ ছবিসমূহ এটা নিৰ্দিষ্ট ভৌগোলিক গণ্ডীৰ ভিতৰতে আৱদ্ধ হৈ আছিল। কিন্তু ইন্টাৰনেটৰ প্ৰসাৰে এই পৰিস্থিতিটোৰ বহুল পৰিৱৰ্তন আনিলে। বিশেষকৈ OTT (Over the top) প্লেটফ’ৰ্মৰ আগমনে ভাষিক আৰু সাংস্কৃতিক বাধাৰ সীমাক নেওচি প্ৰকৃত চলচ্চিত্রৰসিকজনক বিভিন্ন ভাষাৰ চলচ্চিত্রৰ আচল সোৱাদ লোৱাত সহায় কৰিলে। মুম্বাইৰ হিন্দী ছবিবোৰে প্ৰতিফলিত কৰি অহা মূলতঃ উত্তৰ-ভাৰতকেন্দ্ৰিক কাহিনীবোৰৰ বাহিৰেও ৰসজ্ঞ দৰ্শকে ভাৰতৰ অন্য অঞ্চলৰ জনজীৱনৰ প্ৰাণস্পদনো অনুভৱ কৰিবলৈ সক্ষম হ’ল। এনে প্ৰেক্ষাপটত বলিউডৰ হিন্দী ছবিবোৰক চলচ্চিত্ৰ অনুৰাগীসকলে ভাৰতীয় ছবিৰ প্ৰতিনিধি হিচাপে মানি ল’বলৈ টান পোৱাটো স্বাভাৱিক কথা হৈ পৰিল। বঙালী অভিনেতা পৰমব্ৰত চেটাৰ্জিয়ে কোনোবা এটা প্ৰসংগত সঠিক ভাৱেই কৈছে যে হিন্দীক বাদ দি বাকী ভাষাৰ ছবিসমূহক আঞ্চলিক ভাষাৰ ছবি বুলি কোৱা উচিত নহয়। বৰঞ্চ, হিন্দী, তামিল, তেলুগু, মালায়ালাম, কানাড়া, গুজৰাটী, বঙালী, অসমীয়া আদি সকলো ভাৰতীয় ভাষাৰ চলচ্চিত্ৰক একেলগে ভাৰতীয় চলচ্চিত্ৰ বুলি ক’ব পৰা যায়।

বলিউদৰ হিন্দী ছবি: অন্য এক আঞ্চলিক ছবি-উদ্যোগ

spiral film strip

যদিহে অন্যান্য ভাৰতীয় ভাষাৰ ছবিসমূহক আঞ্চলিক ছবি হিচাপেহে গণ্য কৰিব লাগে, তেনেহ’লে বলিউডৰ হিন্দী ছবি উদ্যোগটোও অন্য এটা আঞ্চলিক ছবি উদ্যোগহে মাত্ৰ। বলিউডৰ হিন্দী ছবিৰ কাহিনীত প্ৰধানকৈ উত্তৰ ভাৰতৰ কেইখনমান নিৰ্দিষ্ট ৰাজ্যৰ ছবিহে প্ৰতিফলিত হোৱাৰ অভিযোগ উঠে। এই নিৰ্দিষ্ট অঞ্চলটোক বাদ দি ভাৰতৰ বাকী অংশৰ সমস্যা, সংস্কৃতি উত্থাপনৰ ক্ষেত্রত নিৰ্মাতাসকল উদাসীন। গীত আৰু সংলাপৰ ভাষাৰ ক্ষেত্রত উৰ্দুৰ প্ৰতি আকৰ্ষণ অধিক পৰিলক্ষিত হয়। মুঠৰ ওপৰত একে এষাৰে কেতিয়াও বলিউডৰ ছবিবোৰক ভাৰতীয় ছবিৰ একমাত্র প্ৰতিনিধি বুলি আঙুলিয়াই দিব নোৱাৰি।

ভাৰতীয় প্ৰেক্ষাপট

আমি জানো ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্যই হৈছে ইয়াৰ অতুলনীয় বৈচিত্র্য। সেই বৈচিত্র্যই ভাৰতীয় সত্বাটোক এপাহ বাৰেৰহণীয়া ফুলৰ ৰূপ দিছে; প্ৰতিটো পাহিৰে সুকীয়া বৰণ, সুকীয়া সৌৰভ, কিন্তু একেডাল ঠাৰিতে সিঁহতৰ জীৱন। বিভিন্ন অঞ্চল, বিভিন্ন ৰাজ্যৰ সংস্কৃতিৰ সমাহাৰত বৃহত্তৰ ভাৰতীয় সংস্কৃতিৰ ৰূপ বৰ্ণময় হৈ উঠিছে, তাত সন্দেহ নাই।

অন্য হাতে এটি কলা হিচাপে চলচ্চিত্র আন একো নহয়, জীৱনৰ কিছু চলমান ছবিৰ টুকুৰা—a slice of life। সেয়ে বিভিন্ন অঞ্চলৰ ভাৰতীয় ছবিসমূহত সেই অঞ্চলৰ জীৱনৰ বৈশিষ্ট্য ফুটি উঠা স্বাভাৱিক; ই ভাৰতীয় ছবিজগতক সমৃদ্ধ কৰিহে তুলিছে।

multicolored paint drippings

Please encourage the author with your valuable comment