cold snow city sunset

ফিনলেণ্ডৰ সুখৰ আকৰবোৰ

জুলি বৰা

ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বিশ্বৰ আটাইতকৈ সুখী ৰাষ্ট্ৰ হিচাপে ফিনলেণ্ড আকৌ এবাৰ স্বীকৃত হ’ল, একেৰাহে চতুৰ্থবাৰৰ বাবে। কথাটোৱে চিন্তাৰ খোৰাক দিলে। সমগ্র বিশ্ব ক’ভিডসৃষ্ট দুঃসময়ৰ কবলত। আৰ্থিক দুৰ্দশা, শাৰীৰিক মানসিক বিপৰ্যয়, আপোনজনক হেৰুওৱাৰ বেদনাৰে জৰ্জৰ বিশ্বৰ মানৱ সমাজ। জীৱনৰ প্ৰতি মোহ পৰ্যন্ত হেৰুৱাই পেলাইছে বহু লোকে। অথচ, তেনে সময়তে জীৱন-যাপনৰ প্ৰতিকূল প্ৰাকৃতিক, ভৌগোলিক অৱস্থান থকা ইউৰোপ মহাদেশৰ উত্তৰ কোণৰ, মেৰুপ্ৰান্তীয় দেশ ফিনলেণ্ডে উন্নত, সমৃদ্ধ, চহকী দেশসমূহক চেৰ পেলাই বিশ্বৰ সুখী ৰাষ্ট্ৰসমূহৰ শীৰ্ষত অৱস্থান কৰিবলৈ সক্ষম হৈছে। সুখী ৰাষ্ট্ৰৰ তালিকাখনৰ প্ৰথম দহটা স্থানত থকা দেশসমূহৰ ভিতৰত আছে ডেনমাৰ্ক, ছুইজাৰলেণ্ড, আইচলেণ্ড, নেডাৰলেণ্ড, নৰৱে, ছুইডেন আদি। উল্লেখনীয় কথাটো হ’ল প্ৰথম দহখন সুখী ৰাষ্ট্ৰৰ ভিতৰত ঠাই পোৱা নিউজিলেণ্ডেই একমাত্র দেশ যি ইউৰোপীয় দেশ নহয়। বিশ্বৰ অন্যতম সমৃদ্ধিশালী, প্ৰভাৱশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰই সুখী ৰাষ্ট্ৰ হিচাপে ঊনৈশ সংখ্যক স্থান লাভ কৰিছে। সাম্যবাদী ৰাষ্ট্ৰ চীনৰ স্থান চৌৰাশী। লক্ষ্য কৰিবলগীয়া যে ১৪৯ খন দেশৰ ভিতৰত ভাৰতৰ স্থান এশ ঊনচল্লিছ। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ স্থান ১০১ আৰু শ্ৰীলংকাৰ স্থান ১০৯,আনহাতে সুখী ৰাষ্ট্ৰৰ তালিকাৰ একেবাৰে তলত স্থান পাইছে সন্ত্ৰাসজৰ্জৰ অশান্ত আফগানিস্থানে।

ভৌগোলিক ভাৱে ফিনলেণ্ড ৰাষ্ট্ৰখন


ফিনলেণ্ড হৈছে ইউৰোপ মহাদেশৰ একেবাৰে উত্তৰৰ এখন দেশ। এই দেশৰ ভৌগোলিক বৈশিষ্ট্য অসাধাৰণ। দেশখনৰ তিনিভাগৰ দুই অংশই ডাঠ অৰণ্যৰে আবৃত অঞ্চল। বছৰটোৰ দীৰ্ঘদিন শীতৰ কবলত থকা ফিনলেণ্ডবাসীয়ে প্ৰায় তিনিমাহমানহে গ্ৰীষ্ম ঋতুৰ মুখামুখি হয়। দক্ষিণ ফিনলেণ্ডৰ আটাইতকৈ চুটি দিনটোৰ সময় মাত্ৰ ছঘণ্টা। বৰফাবৃত ফিনলেণ্ডৰ শীত ঋতুত অকণমান পানীয়েই হৈ পৰে মহাৰ্ঘ। বছৰৰ ছমাহেই শীত আৰু অন্ধকাৰৰ আচ্ছাদনত থকা ফিনলেণ্ডবাসীৰ দৈনন্দিন জীৱন- প্ৰৱাহ মসৃণ নহয়। তথাপিও তেওঁলোক বিশ্বৰ ভিতৰতে আটাইতকৈ সুখী কিয় ? বিজ্ঞান আৰু উন্নত প্ৰযুক্তিৰ আশীৰ্বাদপুষ্ট, অৰ্থনৈতিক ভাৱে সমৃদ্ধ বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ স্বাচ্ছন্দ্যপূৰ্ণ জীৱন-শৈলীয়ে ঈৰ্ষাৰ উদ্ৰেক নকৰে বুলিও ক’ব নোৱাৰি। কিন্তু এই সমৃদ্ধি আৰু স্বাচ্ছন্দ্যই মানুহক প্ৰকৃতাৰ্থত সুখী কৰিব পাৰে জানো ? কাৰণ, তেনে হোৱা হ’লে এনে উন্নত ৰাষ্ট্ৰসমূহেই সুখী ৰাষ্ট্ৰৰ তালিকাখনৰ শীৰ্ষ স্থান দখল কৰিলেহেঁতেন। তেনেহ’লে ফিনবাসীৰ সুখৰ ৰহস্য কি ?

ফিনলেণ্ডৰ প্ৰসংগত পৰীক্ষাৰ ব্যৱস্থালৈ চালে দেখা যায় যে এই দেশত পৰীক্ষাক লৈ শিক্ষক-শিক্ষাৰ্থী কোনো উদ্বিগ্ন নহয়। পৰীক্ষাত ভাল ফল দেখুওৱা স্কুল, শিক্ষাৰ্থীৰ কোনো তালিকা নাথাকে, প্ৰতিযোগিতাৰ বাতাৱৰণ সৃষ্টি কৰাতকৈ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আৰু সুসমন্বয়ৰ সৃষ্টি কৰাতহে গুৰুত্ব দিয়ে । মুঠৰ ওপৰত, ফিনদেশী শিক্ষাৰ্থী সকলে নিজৰ গ্ৰেড বা নম্বৰ আৰু কামৰ অত্যধিক বোজাক লৈ উদ্বিগ্ন হ’বলগীয়া নহয়। সন্মুখত পোৱা প্ৰকৃত কামৰ ওপৰতহে গুৰুত্ব দিয়া হয়। এজন প্ৰকৃত মানুহ হিচাপে নিজকে বিকাশ কৰাত এই ব্যৱস্থাত গুৰুত্ব দিয়া হয়। সামাজিক বৈষম্য দূৰ কৰি সমতা স্হাপনৰ সঁজুলি হিচাপে শিক্ষাক এই দেশত গণ্য কৰা হয়। অন্যহাতে বহু দেশৰ শিক্ষা ব্যৱস্থাত থকা প্ৰতিযোগিতাই সৃষ্টি কৰা অকৃতকাৰ্যতাৰ ভয় অথবা বিদ্যায়তনিক গ্লানিৰ ভয়ৰ বাবে মানসিক চাপৰ চিকাৰ হৈ বহু লব্ধপ্ৰতিষ্ঠ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আত্মহননৰ দৰে পথ ল’বলৈ বাধ্য হোৱাৰ উদাহৰণ দেধাৰ।

ফিনলেণ্ডক সুখী ৰাষ্ট্ৰলৈ পৰ্যৱসিত কৰা সম্ভাৱ্য কাৰকসমূহ :


(১) প্ৰকৃতিৰ বিসংগতিয়ে ৰূদ্ধ কৰিব নোৱাৰা ফিনবাসীৰ আনন্দোজ্জ্বল দৈনন্দিন জীৱন :
স্বাভাৱিক ভাৱেই সূৰ্য্যৰ উত্তাপ আৰু পোহৰে আমাৰ দৈনন্দিন জীৱন সূচী নিৰ্ধাৰণ কৰে। প্ৰকৃতিৰ উপহাৰ ৰৌদ্ৰোজ্জ্বল পুৱাটোৱেই আমালৈ লৈ আনে জীৱনৰ স্বচ্ছন্দ গতি। কিন্তু প্ৰকৃতিৰ সামান্য বিসংগতিয়ে পলকতে ৰূদ্ধ কৰি দিয়ে এই গতি। প্ৰকৃতিৰ নিয়ম অথবা বিসংগতিৰ তালত নিৰ্ধাৰিত হয় আমাৰ জীৱনৰ গতি। এজাক বৰষুণে বাতিল কৰে আমাৰ প্ৰাতঃভ্ৰমণৰ কাৰ্যসূচী। অথচ, বৃষ্টিপাত, তুষাৰপাত অথবা হিমচেঁচা বতাহেও ৰূদ্ধ কৰিব নোৱাৰে এজন ফিনদেশীৰ চাইকেল আৰোহণ, জ’গিং অথবা ভ্ৰমণৰ আনন্দ। গ্ৰীষ্ম ঋতুৰ আভাসে ফিনবাসীৰ হিয়াত আনন্দৰ লহৰ আনে, প্ৰকৃতিৰ প্ৰতিকূলতা বুজি পোৱা ফিনবাসীয়ে প্ৰকৃতিৰ উপহাৰ পূৰামাত্ৰাই উপভোগ কৰে, জীৱনৰ মাদকতা অনুভৱ কৰি সুখী হয়।

cold snow man people
জীৱনৰ মাদকতা সকলো পৰিস্থিতিতে বিচাৰিব পাৰি!

(২) ফিনবাসীৰ মনত থকা সমতাবোধ :
ফিনবাসীৰ এটা উল্লেখনীয় দিশ হ’ল এই দেশৰ নাগৰিক সকলৰ মাজত থকা সমতাৰ ভাৱ । এই দেশৰ সৰহসংখ্যক নাগৰিকেই মধ্যবিত্ত শ্ৰেণীৰ। আঢ্যৱন্তসকলে নিজৰ সমৃদ্ধি অথবা আভিজাত্য প্ৰদৰ্শন কৰাত আগ্ৰহী নহয়। দেশৰ দৰিদ্ৰতম নাগৰিকসকলৰ বাবেও আছে সৰ্বোত্তম শিক্ষা আৰু সৰ্বোত্তম স্বাস্থ্য-সুৰক্ষাৰ ব্যৱস্থা ।যাৰবাবে এই দেশৰ নাগৰিকসকল সদায় সন্তুষ্ট আৰু এই সন্তুষ্টিয়েই তেওঁলোকৰ সুখৰ অমল উৎস। সন্তুষ্টস্য সদা সুখম ! অথচ দেশে দেশে ইয়াৰ বিপৰীত ছবিখনেই সুলভ। দৰিদ্ৰজনৰ আৰ্তনাদ , মধ্যৱিত্তৰ সংগ্ৰাম আৰু অভিজাতসকলৰ প্ৰাচুৰ্যৰ প্লাৱনত উটি-বুৰি যায় সুখৰ পানচৈ।

(৩) ৰাষ্ট্ৰৰ বৃহৎ পৰিসৰৰ কল্যাণকামিতা ফিনলেণ্ডৰ এক উচ্চ প্ৰশংসিত ব্যৱস্থা :
দুৰ্নীতিৰ নিম্নতম হাৰ, এই দেশৰ সুপৰিচালিত গণতান্ত্ৰিক ব্যৱস্থা আৰু লোক -প্ৰশাসন উচ্চ প্ৰশংসিত। প্ৰগতিশীল কৰ-ব্যৱস্থা আৰু সম্পদৰ সুষম বিতৰণৰ বাবে নাগৰিকসকলক স্বাস্থ্য-সুৰক্ষা দিয়াত ৰাষ্ট্ৰ সফল। তাৰ উপৰিও, এই দেশৰ সু-পৰিচালিত পুলিচ প্ৰশাসনৰ ওপৰত দেশৰ জনগণৰ আছে সম্পূৰ্ণ আস্থা। আন দেশসমূহত পিছে দেখা যায় ইয়াৰ বিপৰীত ছবিখন। অশান্ত, সন্ত্ৰাস-জৰ্জৰ ৰাষ্ট্ৰবোৰত বিদ্ৰোহৰ অগনিয়ে ছাই কৰি দিয়ে সুখৰ সৌধ। দুৰ্নীতিয়েই নীতি হোৱা দেশসমূহত ন্যায্যপ্ৰাপ্তি মৰীচিকা। অত এব সুখপ্ৰাপ্তিও মৰীচিকা এই দেশবোৰত।


(৪) ফিনলেণ্ডৰ শিক্ষা-ব্যৱস্থা :
এখন দেশৰ ভৱিষ্যতৰ বাট নিৰ্মাণ কৰে শিক্ষাৰ ক্ষেত্ৰত কৰা বিনিয়োগে। দেশ এখনৰ নাগৰিক সকলৰ স্বাস্থ্য , জীৱিকা, সামাজিক সুস্থিৰতা, আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশৰ সঁচাৰকাঠি থাকে ইয়াৰ শিক্ষাখণ্ডত । শৈক্ষিক পৰিক্ৰমাত ফিনলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাইছে। পূব এছীয় দেশসমূহকো এই দেশে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । কেনেকৈ ? ৰাষ্ট্ৰীয় মানৰ পৰীক্ষা পতাৰ ওপৰত ইয়াত অধিক গুৰুত্ব দিয়া হয় নেকি ? মুঠেই দিয়া নহয়। তাৰ পৰিৱৰ্তে সাধাৰণ জ্ঞানৰ অনুশীলন আৰু সামগ্ৰিক শিক্ষাৰ এক পৰিৱেশ গঠনত গুৰুত্ব আৰোপ কৰা হয়; শ্ৰেষ্ঠতাতকৈ সমতাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হয়।
পৰম্পৰাগত শিক্ষা ব্যৱস্থাত আমি সাধাৰণতে দেখোঁ কি ? পাৰ হৈ যোৱা বছৰৰ প্ৰশ্নকাকত গোটোৱা, পৰীক্ষাত আহিব পৰা প্ৰশ্নৰ নিৰ্বাচন কৰা (cramming), মুখস্থ বিদ্যাক উৎসাহিত কৰা, আৰু যেন তেন প্ৰকাৰেণ অধিক নম্বৰ গোটোৱাই শিক্ষাৰ লক্ষ্য। এই নম্বৰসৰ্বস্ব পৰীক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ মৌলিক চিন্তা-চৰ্চাক উদ্গনি যোগোৱাৰ অৱকাশেই বা ক’ত ? এই নম্বৰসমূহেই অৱশেষত মেধা আৰু যোগ্যতাৰ মাপকাঠি।
কিন্তু ফিনলেণ্ডৰ প্ৰসংগত পৰীক্ষাৰ ব্যৱস্থালৈ চালে দেখা যায় যে এই দেশত পৰীক্ষাক লৈ শিক্ষক-শিক্ষাৰ্থী কোনো উদ্বিগ্ন নহয়। পৰীক্ষাত ভাল ফল দেখুওৱা স্কুল, শিক্ষাৰ্থীৰ কোনো তালিকা নাথাকে, প্ৰতিযোগিতাৰ বাতাৱৰণ সৃষ্টি কৰাতকৈ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আৰু সুসমন্বয়ৰ সৃষ্টি কৰাতহে গুৰুত্ব দিয়ে। মুঠৰ ওপৰত, ফিনদেশী শিক্ষাৰ্থী সকলে নিজৰ গ্ৰেড বা নম্বৰ আৰু কামৰ অত্যধিক বোজাক লৈ উদ্বিগ্ন হ’বলগীয়া নহয়। সন্মুখত পোৱা প্ৰকৃত কামৰ ওপৰতহে গুৰুত্ব দিয়া হয়। এজন প্ৰকৃত মানুহ হিচাপে নিজকে বিকাশ কৰাত এই ব্যৱস্থাত গুৰুত্ব দিয়া হয়। সামাজিক বৈষম্য দূৰ কৰি সমতা স্হাপনৰ সঁজুলি হিচাপে শিক্ষাক এই দেশত গণ্য কৰা হয়। অন্যহাতে বহু দেশৰ শিক্ষা ব্যৱস্থাত থকা প্ৰতিযোগিতাই সৃষ্টি কৰা অকৃতকাৰ্যতাৰ ভয় অথবা বিদ্যায়তনিক গ্লানিৰ ভয়ৰ বাবে মানসিক চাপৰ চিকাৰ হৈ বহু লব্ধপ্ৰতিষ্ঠ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আত্মহননৰ দৰে পথ ল’বলৈ বাধ্য হোৱাৰ উদাহৰণ দেধাৰ।
প্ৰতিযোগিতা নাই, গতিকে উদ্বিগ্নতা নাই, সমাহিত শৈক্ষিক পৰিৱেশ, যথোপযুক্ত জীৱন-কৌশল শিকি ভৱিষ্যত জীৱনৰ বাবে প্ৰস্তুতি — এই শিক্ষা ব্যৱস্থাৰ মাজেৰে ফিনদেশীসকলে শিকি উঠে দায়িত্বশীলতা, আৰু এই দায়িত্বই দিয়ে সন্তুষ্টি আৰু এই সন্তুষ্টিয়েই সুখৰ আধাৰ।

(৫) ফিনলেণ্ডৰ স্বাস্থ্য ব্যৱস্থা : ফিনলেণ্ডৰ সাৰ্বজনীন স্বাস্থ্য সুৰক্ষা ব্যৱস্থাই দেশখনক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। এই দেশৰ স্বাস্থ্য সেৱাৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে সমতা স্থাপন। দেশৰ আইনে সকলো নাগৰিকক সম অধিকাৰ দিবলৈ চেষ্টা কৰিছে। স্বাস্থ্যখণ্ডও ইয়াৰ ব্যতিক্ৰম নহয়। ধনী-দুখীয়া নিৰ্বিশেষে সকলো নাগৰিকৰ বাবে দেশে সৰ্বোত্তম স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিছে। ইয়াতকৈ দেশৰ নাগৰিকৰ বাবে হৰ্ষদায়ক কথা কি হ’ব পাৰে ? স্বাস্থ্যই পৰম ধন ! এই পৰম ধনে নাগৰিক সকলক দিছে পৰম সন্তুষ্টি । আৰু এই সন্তুষ্টিয়েই সুখ ! সেয়ে গোলকীয় পৃথিৱীৰ ভিতৰতে সৰ্বাধিক সুখী হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত ফিনবাসী ।

উপসংহাৰ :


বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰই কল্যাণকামী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু দুৰ্নীতি, ক্ষমতাৰ লোভ, ন্যস্তস্বাৰ্থ আদিৰ দৰে কিছুমান সংক্ৰামক আৰু ঘাটক জীৱাণুৱে ৰাষ্ট্ৰৰ কল্যাণকামী আদৰ্শৰ মৃত্যু ঘটায়। এই অতি সংক্ৰমণশীল জীৱাণুবোৰৰ বাবে কল্যাণকামী আদৰ্শ সাধাৰণ নাগৰিকৰ ওচৰ পোৱাৰ আগতেই ৰোগাক্ৰান্ত হয় । সেয়ে দেশৰ জনগণৰ দুখ-দুৰ্দশাৰ অন্ত নপৰে। দুখৰ বৰষুণে খন্তেকতে উটুৱাই নিয়ে সুখৰ বালিঘৰ। বুদ্ধৰ বাণী, গীতাৰ বাণীয়ে মুখৰিত কৰা দেশতো আজি সুখৰ মৰীচিকা খেদি দিকভ্ৰান্ত সকলো । পাহৰি যাওঁ আমি — “There is no path to happiness, happiness is a path only “।

boy wearing green crew neck shirt jumping from black stone on seashore
সুখ আহৰণো এক কলা

Please encourage the author with your valuable comment