–অজয় দাস
এজন ঠিকাদাৰৰ তলত এজন মিস্ত্রীয়ে বহু বছৰ কাম কৰিছিল। এদিন মিস্ত্রীজনে ঠিকাদাৰক ক’লে– তেওঁ আৰু কাম নকৰে। অৱসৰ লব। তেতিয়া ঠিকাদাৰজনে তেওঁক শেষবাৰৰ বাবে এটা ঘৰ বনাই দিবলৈ অনুৰোধ কৰিলে। অনুৰোধ মর্মে মিস্ত্রীজনে ঘৰটো বনাই তলা মাৰি ঠিকাদাৰজনক চাবিপাত দিবলৈ আহিল। ঠিকাদাৰজনে চাবিপাত নলৈ ঘৰটো মিস্ত্রীজনৰ বাবেহে বনোৱা হৈছিল বুলি জানিবলৈ দি ঘৰটো তেওঁক উপহাৰ হিচাপে দি দিলে।
মিস্ত্রীজনৰ তেতিয়াহে চেতনা আহিল। যদি তেওঁ আগতে ঘৰটো তেওঁৰ বাবে বনোৱা হব বুলি গম পালেহেঁতেন তেতিয়া নিশ্চয় নিজৰ বুলি ভাবি ভাল সামগ্রীৰে ভালকৈ বনালেহেতেন। এতিয়া এই ঘৰটোত তেওঁ পলে পলে মৄত্যুৰ শংকা লৈ থাকিব লাগিব। কাৰণ তেওঁ নিজে জানে ঘৰটো কেনেদৰে বনাইছে।
তেতিয়াহে মিস্ত্রীজনে অনুভৱ কৰিলে যে যি কামেই নকৰক কিয় সদায় দায়িত্ব সহকাৰে আৰু কামবোৰ অইনৰ বুলি নাভাৱি নিজৰ বুলিহে কৰিব লাগে ।

(সহায় লৈ)
বৰ্তমান মুদ্ৰণ আৰু লেখন সামগ্রী সঞ্চালকালয়ত কৰ্মৰত অজয় দাসে বিভিন্ন মাধ্যমত সক্রিয় ভাৱে সাহিত্য চৰ্চা কৰি আহিছে। অন্তৰ্দৃষ্টিপূৰ্ণ জীৱনবীক্ষাক যিদৰে তেওঁৰ সৃষ্টিত সহজে উত্থাপন কৰিব পাৰে, একেদৰেই কাহিনীৰ নিৰ্মাণত হাস্য-ব্যংগ উপাদান সংযোজনতো তেওঁ সমানেই দক্ষ।