–ড০ নৱ কুমাৰ চমুৱা
আধুনিকতা আৰু আধুনিক পৃথিৱীৰ সংজ্ঞাই ‘সংস্কৃতি’ৰ পৰিভাষা সলনি কৰিলে৷ আমাৰ প্ৰাচীন সভ্যতা-সংস্কৃতি, কিংবদন্তি, লোকগীত, লোককথা, লোকজ্ঞান, লোকসাহিত্য, মূৰ্তি-চিত্ৰকলা, স্থাপত্য-ভাস্কৰ্য–এই সকলোবোৰেই আছিল প্ৰকৃতিজ উপাদান৷ আমাৰ প্ৰাচীন সংস্কৃতি মূলতঃ প্ৰকৃতিৰ অৱলম্বনত গঢ় লৈছিল৷ প্ৰকৃতিয়ে দিয়া অভিজ্ঞতাৰ আধাৰত মানুহে নিজ কৰ্ম-সংস্কৃতি নিৰ্ধাৰণ কৰিছিল আৰু সমগ্ৰ মানৱ সভ্যতাৰ ঘাই শিপাডালৰ ধাৰক আৰু বাহক হৈ সভ্যতাৰ বিকাশত হাত আগবঢ়াইছিল৷
আধুনিক ঔদ্যোগিক সংস্কাৰে প্ৰকৃতিক ধ্বংস কৰাই নহয়, অস্তিত্বশূন্য কৰি তুলিলে৷ এনেদৰেই আমাৰ প্ৰাচীন সংস্কৃতি আৰু প্ৰকৃতি এটা দ্বৈতাৱস্থাত উপনীত হ’লহি৷ সংস্কৃতিৰ বৈচিত্ৰ্যময়তা আৰু স্বকীয়তা ই সম্পূৰ্ণৰূপে নিঃশ্চিহ্ন কৰিলে৷ ইয়াৰ সলনি সমগ্ৰ বিশ্বজুৰি এটা নতুন ‘বিশ্ব-সংস্কৃতি’য়ে মূৰ দাঙি উঠিলে৷ সেয়া হৈছে বৈজ্ঞানিক-প্ৰৌদ্যোগিক-অৰ্থনৈতিক সংস্কৃতি’৷
আধুনিক সংস্কৃতি মূলতঃ ভোগবাদী সংস্কৃতি৷ উদ্যোগ, অৰ্থনীতি, শোষণ, ধ্বংস–এইবোৰেই এই সংস্কৃতিৰ আধাৰ৷ এনে ঔদ্যোগিক সংস্কৃতিত আধুনিকতা ইয়াৰ মূল সৌন্দৰ্যতত্ত্ব৷ ক্রমবৰ্ধমান ভোগবাদী সংস্কৃতিৰ কৰাল গ্ৰাসত পৰি মানুহৰ জীৱন চৰ্যা প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হ’বলৈ বাধ্য হৈছে৷এই বিচ্ছিন্নবাদে আধুনিকতাৰ পৰশধন্য হৈ নৈতিকতা, মানৱীয়তা, আধ্যাত্মিকতা আৰু সামাজিক শৃংখলৰ প্ৰতি বিদ্বেষ ভাবৰ সূচনা কৰিছে৷ পশ্চিমৰ নৱজাগৰণ, বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন, নব্য অৰ্থনৈতিক নীতিয়ে ভাৰতবৰ্ষক প্ৰকাৰান্তে উপকৃত কৰিলেও প্ৰকৃততে লোকচানহে যথেষ্ট কৰিছে৷ প্ৰকৃতিৰ সৈতে মানুহৰ এই বিচ্ছিন্নতাবোধৰ (Disenchantment) জন্মও এই উপকাৰৰে পাৰ্শ্বক্রিয়াহে৷ মানুহৰ জীৱনৰ সমগ্ৰতাৰ পৰা প্ৰকৃতিৰ ভূমিকাক বিচ্ছিন্ন কৰা এই আধুনিকতাই সৃষ্টি কৰা নব্য সংস্কৃতি এটাৰ প্ৰতিনিধি বা ‘বলিৰ পঠা’ হিচাপে আমি প্ৰত্যেকেই অৱৰ্তীণ হৈছোঁ৷
প্ৰকৃতিক শোষণ কৰি সভ্যতা আগবঢ়াই নিয়া তত্ত্বত প্ৰায়োগিকভাবে ঔদ্যোগিক সংস্কৃতিয়ে ভূমিকা পালন কৰে৷ দেৱতা বা মাতৃ জ্ঞান কৰা প্ৰকৃতিক এনে সংস্কৃতিয়ে সম্পদৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে (আনকি স্কুলীয়া পৰ্যায়ত ‘প্ৰাকৃতিক সম্পদ’ৰ বিষয়ে লিখিবলৈ দিয়া ৰচনা একোখনৰ উপ-বিষয় হয় এনেবোৰ প্ৰাকৃতিক উপাদান–যিবোৰৰ ঔদ্যোগিক ক্ষেত্ৰত বৃহৎ অৰ্থ উপাৰ্জন কৰে৷ আমাৰ শিক্ষা-ব্যৱস্থাও যে প্ৰকৃতি-প্ৰতিকুল ই এটা ক্ষুদ্ৰ উদাহৰণহে৷)৷ প্ৰকৃতিৰ সৈতে মানুহৰ দূৰত্ব বাঢ়িল৷ স্নেহ, মমতাময়ী মাতৃত্ব এতিয়া পৰিণত হৈছে সম্পদলৈ৷ মানৱিক দৃষ্টিকোণ এটাক পুঁজিবাদী চেতনাই বেলেগকৈ চাবলৈ বাধ্য কৰিলে৷ বিকাশ, উন্নয়ন আৰু অতি লাভৰ ইচ্ছাত আধুনিক সংস্কৃতিয়ে প্ৰকৃতিৰ ওপৰত আক্রমণ অব্যাহত ৰাখিছে৷ আধুনিক ঔদ্যোগিক সংস্কাৰে প্ৰকৃতিক ধ্বংস কৰাই নহয়, অস্তিত্বশূন্য কৰি তুলিলে৷ এনেদৰেই আমাৰ প্ৰাচীন সংস্কৃতি আৰু প্ৰকৃতি এটা দ্বৈতাৱস্থাত উপনীত হ’লহি৷ সংস্কৃতিৰ বৈচিত্ৰ্যময়তা আৰু স্বকীয়তা ই সম্পূৰ্ণৰূপে নিঃশ্চিহ্ন কৰিলে৷ ইয়াৰ সলনি সমগ্ৰ বিশ্বজুৰি এটা নতুন ‘বিশ্ব-সংস্কৃতি’য়ে মূৰ দাঙি উঠিলে৷ সেয়া হৈছে বৈজ্ঞানিক-প্ৰৌদ্যোগিক-অৰ্থনৈতিক সংস্কৃতি’৷
আধুনিক বিশ্ব-সংস্কৃতিৰ ধাৰণাত প্ৰকৃতি কেৱল ভোগ, উপাৰ্জন আৰু মনোৰঞ্জনৰ আধাৰ হিচাপে পৰিগণিত হ’ল৷ এই সংস্কৃতিত মানুহে পাহৰি গ’ল মানুহো যে প্ৰকৃতিৰ অংগ বা প্ৰকৃতিৰ সৈতে মানুহৰ আত্মিক সম্পৰ্ক৷ দৃশ্যানুভৱেৰে স্বাদ ল’বলৈ আৰম্ভ কৰা নতুন পুৰুষে স্পৰ্শ আৰু গোন্ধৰ সোৱাদ পাহৰি গ’ল৷ প্ৰজন্মানুক্রমে চলি অহা সাধুকথা, গীত-মাত, লোকজ্ঞান সকলো ম্লান পৰি ৰ’ল৷ এই বিশ্ব-সংস্কৃতি বা উপভোক্তা সংস্কৃতিৰ আগ্ৰাসনে ‘দলিয়াই দিয়া’ বা ‘ডিলিট্ কৰা’ আৰু ‘অৱহেলা কৰা’ বা ‘পাহৰি যোৱা’ স্বভাৱ একোটাহঁতৰ জন্ম দিলে৷ এনে সংস্কৃতিত কেৱল প্ৰকৃতিয়েই নহয়, জ্ঞান বা কলা সাধনাৰ প্ৰতিটো ক্ষেত্ৰ বা সাহিত্যও কেৱল বিলাস, উপাৰ্জন বা আত্ম-অস্তিত্ব বা মৰ্যাদা ৰক্ষাৰ মাধ্যমহে হৈ পৰিছে৷
যোৱা শতিকাৰ নব্বৈৰ দশকৰ পৰা ভাৰতত আৰ্থিক উদাৰীকৰণ আৰু ভূমণ্ডলীকৰণৰ সূচনা হ’ল৷ শেহৰ দশকটোৰ ফালে সমগ্ৰ ভাৰতত তীব্ৰ বেগেৰে আৰম্ভ হোৱা ভূমণ্ডলীকৰণে এটা নতুন ঔপনিৱেশবাদৰ আৰম্ভ কৰে৷ এই ঔপনিৱেশবাদে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত ক্ষীপ্ৰ গতিৰে নগৰ-চহৰৰ পট্টন ঘটোৱাৰ লগতে উচ্চ মধ্যবৰ্গীয় নগৰ বিলাসী আৰু গ্ৰামীণ উচ্চ বৰ্গৰ লোকসকলক ভোগবাদী সংস্কৃতিৰ সক্রিয় সদস্য হিচাপে বাচি ল’লে৷ ভূমণ্ডলীকৰণৰ সমান্তৰালভাবে ভাৰতবৰ্ষত পৰিবেশ ধ্বংসৰ মাত্ৰাও বাঢ়ি গ’ল৷ ফলত নদী শুকাবলৈ ধৰিলে, খোৱাপানীৰ অভাৱ হ’বলৈ ধৰিলে৷ মাটিৰ উৰ্বৰতা নষ্ট হ’ল, অনাবৃষ্টি-অতিবৃষ্টিয়ে কৃষি নষ্ট কৰিলে৷ বায়ু প্ৰদূষণ হ’ল, অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়িল৷ বিকাশ আৰু উন্নয়ন যে সঠিক পথেৰে হোৱা নাই, সেই সত্যতা অনুধাৱন কৰি পৰিৱেশ অনুকুল বিকাশত কোনেও গুৰুত্বই নিদিয়া হ’ল৷ প্ৰকৃতিক ধ্বংস বা প্ৰদূষিত নকৰাকৈ ভাৰতত কোনো উন্নয়নেই এতিয়া সম্ভৱপৰ নহয়৷ ইয়ো এক সন্ত্ৰাসবাদ নহয়নে?–ইক’ সন্ত্ৰাসবাদ!
অসমৰ প্ৰকৃতি জগতখনো এতিয়া ইক’ সন্ত্ৰাসবাদৰ ভূ-স্বৰ্গ৷ আওপুৰণি বননীতি আৰু ৰাজনৈতিক স্বাৰ্থাভিলাষৰ সুযোগ লৈ এচামে প্ৰকৃতি ধ্বংস অব্যাহত ৰাখিছে৷ ইংৰাজ শাসনাধীন ঔপনিৱেশিক শোষণ নীতিৰ পাছত অসমত আন এচাম স্বদেশী ঔপনিৱেশবাদীৰ হাতত বনাঞ্চল আৰু বন্যপ্ৰাণী সম্প্ৰতি সংকটৰ গৰাহত৷ বৈধ বা অবৈধ অনুপ্ৰৱেশ, পুনৰ সংস্থাপন, চোৰাং ব্যৱসায়, বাণিজ্যনীতি, ৰাজনৈতিক সিদ্ধান্তৰ আওঁতাত ক্ষতিগ্ৰস্ত হৈছে অসমৰ বনভূমি৷ গড় দশকীয় জনসংখ্যাৰ হাৰ যিমানেই উৰ্ধগামী হৈছে, সিমানেই বনাঞ্চলৰ হাৰ নিম্নগামী হ’বলৈ আৰম্ভ কৰিছে৷ বেদখলৰ সংখ্যা বাঢ়িছে৷ অসমত সঠিক চৰকাৰী নীতি নোহোৱাৰ সুযোগতে চুবুৰীয়া ৰাজ্যই অসমৰ বনভূমি সম্পূৰ্ণৰূপে দখল কৰিছে৷ যোৰহাটৰ দিছৈ আৰু দিছৈ ভেলী তাৰ প্ৰকৃষ্ট উদাহৰণ৷ অসমৰ প্ৰত্যেকখন বনাঞ্চল বা বনভূমিৰ বিষয়ে স্বয়ং দায়িত্ববাহী বিভাগৰ হাততেই তথ্য-পাতিৰ অভাৱ৷ ইংৰাজৰ দিনৰে হিচাপ-কিতাপকে লৈ ভেটাৰখীয়া হৈ বহি থকা সকলৰ পৰা অসমৰ প্ৰকৃতিৰ ভৱিষ্যত মুঠেও নিষ্কন্টক নহয়৷
আমাৰ অৰণ্য তথা বনভূমি বা বন্যপ্ৰাণীৰ অৱস্থা অত্যন্ত সংকটজনক৷ অসমৰ প্ৰাকৃতিক বাতাবৰণটো যদি উপগ্ৰহীয় নিৰীক্ষণেৰে চোৱা যায় তেতিয়া দেখা যায় যে, নাগালেণ্ড, অৰুণাচল, মেঘালয় আৰু কাৰ্বিআংলঙৰ একাংশ আৰু বৰাকৰ এটা অঞ্চলৰ বাহিৰে অসমৰ মানচিত্ৰখনৰ মাজৰ অংশত সেউজীয়াৰ মাত্ৰা কমি আহিছে৷ কেৱল চাহবাগানবোৰৰ আংশিক সেউজীয়াৰ বাহিৰে বাকী সকলো নিঃশেষ হৈ গৈছে৷ এনে এক সন্ধিক্ষণত আমাৰ সচেতন বৌদ্ধিক সমাজখনে কি ভূমিকা গ্ৰহণ কৰিব পাৰে? বা আমি কৰিব পৰা কাম কি আছে? মূলতঃ জৈৱবৈচিত্ৰ্য সংৰক্ষণ কৰি অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ সময় সমাগত৷ মানৱজাত জৈৱিক চাপৰ বোজাই ইতিমধ্যে অসমৰ পৰিৱেশৰ ওপৰত সাংঘাতিক ধৰণেৰে ক্রিয়া কৰিছে৷ আনহাতে অবৈধ নাগৰিকৰ আগ্ৰাসন বা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সাল-সলনিয়ে অসমলৈ আনিব বিচৰা সহস্ৰজনে অতি বেয়াকৈ প্ৰভাৱ পেলাব অসমৰ প্ৰাকৃতিক জীৱনত৷ গতিকে এই সময়খিনিত সমাজখনক ভালকৈ দেখা আৰু বুজি পোৱা সচেতন চামটোৱে কিবা এটা বিকল্পৰ সন্ধান কৰিবই লাগিব৷ এই মানুহখিনিয়ে সমাধানৰ পথ নিৰ্দেশ কৰি প্ৰশাসনক সেইমতে কাম কৰিবলৈ বাধ্য কৰিব পাৰিব লাগিব৷