man wearing jacket carrying a gun

দুখুনী আইৰ চিঠি

মুনীন পাঠক

মৰমৰ,
কেনে আছ’ সোণ
ভালে আছ’নে তই
কিমান দিন যে তোক দেখা নাই
মাজে মাজে মনত পৰিলে
বুকুখন মোৰ হমহমাই যায়!

যাওঁ বোলোতে তই
দেশৰ বাবে গুছি গ’লি
অবুজ সাঁথৰ হৈ ৰ’ল মোৰ
ইমান দিনে কিনো কৰিলি!

মোৰ খবৰনো কি ক’ম
তই গুছি যোৱাৰে পৰা
ভাল নালাগে চোন দেহ-মন
কোনোমতে টানি-টুনি চলাইছোঁ
দেউতাৰাই সাজি থৈ যোৱা ঘৰখন।

নাজানোঁ জান নে নাজান তই
বানৰ পানীয়ে লৈ গ’ল সকলো
ভেটিটোও উচন কৰি থৈ
কেনেকৈ যে কটাই আছোঁ দুখৰ ৰাতি
এসাজ খাই দুসাজ শুকাই
কোনোমতে বাচি আছে দেহাটি!

কাবৌ কৰিছোঁ সোণ
আহ যদি সোনকালে আহ উভতি
নহ’লে নাথাকিব পিতৃপুৰুষৰ
সাতাম পুৰুষীয়া ভেটি-মাটি

আৰু যদি নাহ—
নাহ যদি নাই
মাথো বাতৰি কাকতৰ পাত ৰঙা কৰি
তই এটা খবৰ হৈ আহি
মোৰ বুকুত আৰু একুৰা
জুই নজ্বলাবি।
— ইতি
তোৰ দুখুনী আই


অসম সচিবালয়ত উপসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মুনীন পাঠক দীৰ্ঘদিন ধৰি অসমীয়া সাহিত্য আৰু নাটকৰ চৰ্চাত ব্ৰতী হৈ আছে। তেওঁৰ সাহিত্যত সচৰাচৰ গভীৰ সংবেদনশীলতা পৰিলক্ষিত হয়।

1 Comment

  1. কবিৰ অনুভৱী মনৰ সুন্দৰ প্ৰকাশ হৈছে।ভাল লাগিল। ভৱিষ্যতে নিশ্চয় পঢ়িবলৈ পাই থাকিম।

Please encourage the author with your valuable comment