empty cave

ভুল

–জুলি বৰা

Fair is foul, foul is fair

ভুল অনুতপ্ত, ভুল ব্যথিত
ভুল সুন্দৰ, ভুল ৰোমাঞ্চকৰ
ভুল শংকিত, ভুল নতশিৰ
বহুবল্কি ভুল, মদ্গৰ্বী ভুল
ভুল নিন্দিত, ভুল সমালোচিত
অথচ ভুলেই আৱিষ্কাৰৰ মূল
ভুল বাটে কলম্বাছক লৈ গৈছিল
নতুন পৃথিৱীলৈ
ভুলবোৰ সেয়ে আৱিষ্কাৰৰ পূৰ্বজ
অবাঞ্চিত কিন্তু ৰোমাঞ্চকৰ
বহু ভুলৰ পাছত সগৰ্বে
থিয় দি থকা সত্যটোও
হয়গৈ আন এটা ভুল।
ভুল সত্যৰ অগ্ৰজ,
ঈডেনৰ বাগিছাত
ঈভে কৰা ভুলবোৰ
বাৰে বাৰে আমিও কৰোঁ,
ভুল কৰিবলৈ প্ৰৰোচিত কৰোঁ।
ভুল নকৰিলে বাৰু
কোন সতে মানি লওঁ
নিষিদ্ধ ফলৰ স্বাদ নে বিস্বাদ!
ভুল কৰোঁ বাবে অন্বেষণ কৰোঁ,
সত্যৰ, জীৱনৰ !!



Please encourage the author with your valuable comment